ৰাৱণে ৰামতকৈ ল’ব বেছি মাচুল, ১০০ৰ পৰা ১৫০ কোটি টকা ল’ব…

দক্ষিণৰ অভিনেতা য়শে ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিব। এতিয়া তেওঁৰ মাচুলৰ সন্দৰ্ভত প্ৰকাশ পোৱা তথ্যই ছচিয়েল মিডিয়াত চাঞ্চল্য সৃষ্টি কৰিছে। নিতেশ তিৱাৰীৰ ৰামায়ণ ছবিখনত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা য়শে বৃহৎ পৰিমাণৰ মাচুল লোৱাৰ খবৰ ছ’চিয়েল মিডিয়াত চৰ্চা চলিছে।


এক শক্তিশালী চৰিত্ৰত অভিনয় কৰাৰ বাবে য়শে ১০০ৰ পৰা ১৫০ কোটি টকা লয়। য়শে ছবিখনত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে ৰণবীৰ কাপুৰে ছবিখনত ৰামৰ চৰিত্ৰত অভিনয় কৰিব। কিছুদিনৰ আগতে খবৰ আহিছিল যে ৰণবীৰে এই চৰিত্ৰটোত অভিনয় কৰিবলৈ নন-ভেজ আৰু এলক’হল ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। সীতাৰ কথা কওঁতে আগতে আলিয়া ভট্টৰ নাম আহি আছিল যদিও ব্যস্ততাৰ কাৰণে এই চৰিত্ৰটো কৰিব নোৱাৰিলে। এতিয়া খবৰ যে ছবিখনত সীতাৰ চৰিত্ৰত দেখা যাব দক্ষিণৰ অভিনেত্ৰী সাই পল্লৱীক। অৱশ্যে এতিয়ালৈকে কোনো আনুষ্ঠানিক কথা ঘোষণা কৰা হোৱা নাই। অতি সোনকালে ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব।

Related Articles