বিষাক্ত সুৰাৰ ফলত ৩ গৰাকী মহিলাকে ধৰি ১০ জনৰ মৃত্যু…

তামিলনাডুত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। ইয়াৰ ভিল্লুপুৰম আৰু চেংগলপট্টু জিলাত ভুৱা সুৰা সেৱন কৰি তিনিগৰাকী মহিলাসহ দহজন লোকৰ মৃত্যু হয়। দেওবাৰে বিষয়াসকলে জনোৱা মতে, ভিল্লুপুৰম জিলাৰ মৰাক্কানামৰ সমীপৰ একিয়াৰকুপ্পামত বাস কৰা ছয়জন লোকৰ মৃত্যু হৈছে। তেওঁ জনোৱা মতে, শুকুৰবাৰে (১২ মে’) চেংগলপট্টু জিলাৰ মদুৰন্তগামত দুজন লোকৰ মৃত্যু হৈছিল।ইয়াৰ বাহিৰেও দেওবাৰে এহাল দম্পতীৰ মৃত্যু হয়। বিষয়াসকলে জনোৱা মতে, এই সকলোবোৰ মৃত্যু হৈছে বিষাক্ত সুৰা সেৱনৰ বাবে। ইয়াৰ বাহিৰেও বৰ্তমান দুহজনৰো অধিক লোকৰ চিকিৎসা চলি আছে। এই ঘটনাৰ পিছতে আৰক্ষী মহাপৰিদৰ্শক (উত্তৰ) এন কান্নানে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে ১০ জনেই নিশ্চিতভাৱে ইথানল-মিথানল পদাৰ্থৰে বিষাক্ত সুৰা সেৱন কৰিছিল।

আনহাতে প্ৰশাসনে এয়া ভুৱা সুৰাৰ ঘটনা সংঘটিত হৈছে বুলি মন্তব্য কৰিছে। প্ৰাথমিক তদন্তৰ মতে সকলো মৃত লোকে সম্ভাৱ্য ইথানল আৰু মিথানল মিশ্ৰিত পদাৰ্থৰ সৈতে বিকৃত এলকহল সেৱন কৰিছিল যিটো মৃত্যুৰ কাৰণ হ’ব পাৰে। এই ঘটনাৰ একাংশ অভিযুক্ত পলাতক হৈ আছে আৰু অভিযুক্তক বিচাৰি উলিয়াবলৈ আৰু গ্ৰেপ্তাৰ কৰিবলৈ বিশেষ দল গঠন কৰা হৈছে। ঘটনা সন্দৰ্ভত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কয় যে চাৰিজন আৰক্ষীক নিলম্বন কৰা হৈছে।

Related Articles