Breaking

আলফাৰে হোৱা চুক্তি ১০০ শতাংশই ৰূপায়ণ কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

0 33

শুকুৰবাৰে নতুন দিল্লীত কেন্দ্ৰ আৰু অসম চৰকাৰৰ ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ হয়। চুক্তি স্বাক্ষৰৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কেন্দ্ৰ আৰু অসম চৰকাৰে ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ আছাম (আলফা)ৰ আলোচনাপন্থী গোটৰ সৈতে স্বাক্ষৰ কৰা শান্তি চুক্তিৰ বিষয়সমূহ এশ শতাংশ কাৰ্যকৰী কৰিব।আলফাৰ সৈতে ঐতিহাসিক ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীয়ে সাংবাদিকক কয় যে আজি স্বাক্ষৰিত চুক্তিখন এশ শতাংশ কাৰ্যকৰী কৰা হ’ব। শৰ্মাই কয় “অসম চৰকাৰ আৰু ভাৰত চৰকাৰে চুক্তি খনত কাৰ্যকৰী কৰিবলগীয়া কেইবাটাও বিষয় আছে। গৃহ মন্ত্ৰালয়ে এতিয়ালৈকে অঞ্চলটোত স্বাক্ষৰিত হোৱা আন সকলো চুক্তি কাৰ্যকৰী কৰাৰ পদ্ধতি নিৰ্ধাৰণ কৰিছে। মই বিশ্বাস কৰোঁ যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে চুক্তিখন এশ শতাংশ কাৰ্যকৰী কৰিব ।

মই সকলোকে আশ্বাস দিছো যে আমি অসমক বিকাশৰ দিশে আগুৱাই নিম আৰু ৰাজ্য খনক ভাৰতৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তুলিম।,” অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আজি স্বাক্ষৰিত চুক্তিয়ে অসমলৈ স্থায়ী শান্তি আনিব। তেওঁ কয় “আজি এই চুক্তি স্বাক্ষৰ কৰাৰ পিছত অসমৰ জনসাধাৰণৰ সকলো আশা-আকাংক্ষা পূৰণ হ’ব। প্ৰধানমন্ত্ৰী মোদীৰ অসম আৰু উত্তৰ-পূবৰ প্ৰতি থকা দৃষ্টিভংগীয়ে ৰাজ্যখনত শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিছে। এতিয়ালৈকে স্বাক্ষৰিত সকলো শান্তি চুক্তিয়েই শান্তি স্থাপনত অৰিহণা যোগাইছে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত উত্তৰ-পূবৰ সকলো ৰাজ্যতে শান্তি চুক্তি স্বাক্ষৰিত হৈছে। আজি অসমৰ মাত্ৰ ১৫ শতাংশ অঞ্চল সামৰিক বাহিনী বিশেষ ক্ষমতা আইনৰ অধীনত আছে। ৰাজ্যৰ বাকী অংশ এই আইনৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। এই চুক্তিয়ে অসমত স্থায়ী শান্তি আনিব,”।

Leave A Reply