মাজুুলীৰ প্ৰথম অসমৰ চতুৰ্থটো ঐতিহাসিক ৰংগমঞ্চ প্ৰসিদ্ধ শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ বংশীগোপাল নাট্য মন্দিৰৰ ১০২ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উদ্যাপন কৰা হয় ৷ প্ৰথম ৰংগমঞ্চৰ লগতে মঞ্চ ৰাসৰ বাটকটীয়া ঐতিহাসিক অনুষ্ঠানটিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হয় ৷ গড়মূৰ সত্ৰৰ বৰনামলগোৱা তথা শিল্পী পেঞ্চন প্ৰাপক জীৱন ভূঞা আৰু ৰবিন শৰ্মাই নাট্য মন্দিৰৰ চৌহদত গছপুলি ৰোপণ কৰে ৷ তাৰ পিছতে পতাকা উত্তোলন কৰে নাট্য মন্দিৰৰ সভাপতি তৰুণ বৰাই ৷ প্ৰৱাদ পুৰুষ সত্ৰাধিকাৰ , স্বাধীনতা সংগ্ৰামী , সমাজ সংস্কাৰক সত্ৰাধিকাৰ যিগৰাকীৰ মহান প্ৰচেষ্টাত ১৯২০ চনত মাজুলীৰ প্ৰথম আৰু অসমৰ চতুৰ্থটো ৰংগমঞ্চই গড়মূৰ সত্ৰত প্ৰাণ পাই উঠিছিল সেই গৰাকী মহান সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰদেৱ গোস্বামীৰ প্ৰতিচ্ছৱিত স্মৃতি তৰ্পণ কৰে গড়মূৰীয় সত্ৰাধিকাৰ পৰমানন্দদেৱ গোস্বামীয়ে ৷ স্মৃতি তৰ্পণ কৰি সত্ৰাধিকাৰ গৰাকীয়ে গুৰুজনাই প্ৰতিষ্ঠা কৰি যোৱা মহান অনুষ্ঠানটিৰ ঐতিহ্য ৰক্ষাৰ বাবে সত্ৰৰ সকলোৰে প্ৰতি আহবান জনায় ৷ উল্লেখ যে , শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ প্ৰতিষ্ঠাৰ দিনৰ পৰাই নাট্য মন্দিৰত সত্ৰৰ যুৱতী সকলে প্ৰতি বছৰেই ধৰ্মমূলক নাট মঞ্চস্থ কৰে যদিও ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ উক্ত কাৰ্যসূচী বাতিল কৰা হয় ৷ সন্ধিয়া পীতাম্বৰদেৱ যুৱক কল্যাণ সংঘৰ সদস্য সকলে নাট্য মন্দিৰৰ চৌহদত বন্তি প্ৰজ্বলন কৰে ৷ ইফালে সুৰক্ষাৰ দায়িত্বত থকা অৰ্ধসামৰিক বাহিনীৰ জোৱান সকলৰ কেম্প সোৱণশিৰিৰ বাঢ়নী পানীত ডুব যোৱাত জোৱান সকল আহি নাট্য মন্দিৰত শিবিৰ পতাৰ বাবে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয়

