Breaking

অসম সাহিত্য সভাৰ ১০৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

0 2,599

” সাম্প্ৰতিক সময়ত অসমীয়া ভাষা , সাহিত্য – সংস্কৃতি ৰক্ষা কৰিব নোৱাৰিলে জাতিৰ অস্তিত্বলৈ সংকট আহিব ” ড০ জীৱন কলিতাদিলীপ হাজৰিকা : নাজিৰা : ৩০ ডিচেম্বৰ : –  অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ স্পন্দন ” অসম সাহিত্য সভাৰ ” ১০৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বিভিন্ন স্থানৰ লগতে শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত নাজিৰাৰ চণ্টক বিহুবৰ শাখা সভাৰ সহযোগত বিহুবৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসুচীৰে উদযাপন কৰা হয় । পুৱা জিলা শাখাৰ সভাপতি যোগ গগৈয়ে পতাকা উত্তোলনেৰে কাৰ্যসূচী পাতনি মেলাৰ পিছতে বিশিষ্ট সমাজকৰ্মী অতুল চেতিয়াই স্মৃতি তৰ্পণ , ঘন বৰুৱাই বন্তি প্ৰজ্বলন আৰু বিহুবৰ গাওঁ পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য আলহাজ আলিমুদ্দিন আহমেদে বৃক্ষ ৰোপণৰ শুভাৰম্ভণি কৰে । বিশিষ্ট চিত্ৰ শিল্পী আলী হাইদৰে চিত্ৰাংকণ প্ৰতিযোগিতা  উদ্বোধন কৰাৰ পিছতে জিলা সাহিত্য সভাৰ সভাপতি যোগ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিনোৱা টায়ে । সভাত বিশিষ্ট গল্পকাৰ – জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা অধ্যাপক ডঃ জীৱন কলিতাই নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰসংগত সাম্প্ৰতিক সময়ত অসম তথা অসমীয়া ভাষা , সাহিত্য , সংস্কৃতি আৰু জাতীয় জীৱনলৈ সংকট নমাই আনিছে জাতি , মাটি ,  ভেটি ৰক্ষাৰ জয়ঢোল বজোৱা সকলে । এনে সময়ত ভাষা , সাহিত্য , সংস্কৃতি সুৰক্ষিত নহ’লে জাতি , মাটি , ভেটি সুৰক্ষিত হোৱাটো নিশ্চিত নহয় । গতিকে  জাতি – জনগোষ্ঠী ঐক্যবদ্ধ হৈ মাৰবান্ধি ঠিয় হৈ ভাষা , সাহিত্য , সংস্কৃতি ৰক্ষা কৰিব নোৱাৰিলে জাতিৰ অস্তিত্বলৈ সংকট নামি অহাতো নিশ্চিত বুলি মত পোষণ কৰে ড: জীৱন কলিতাই । সভাত অসম চাহ জনজাতি সাহিত্য সভাৰ কেন্দ্ৰীয় সহকাৰী সম্মাদক বসন্ত ৰাজোৱাৰে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি চাহ জনগোষ্ঠী আৰু অসমীয়া সাহিত্যৰ বিভিন্ন দিশত আলোকপাত কৰি বক্তব্য দাঙি ধৰে । সভাত বিশিষ্ট সমাজকৰ্মী জগত চুৰী , আলহাজ আলিমুদ্দিন আহমেদ , ঘন বৰুৱা , অনিল লোহাৰ , আনাউৰ ইছলাম , নৱ পাংগিঙকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাত স্থানীয় ছাত্র – ছাত্ৰীয়ে পৰিৱেশন কৰা নৃত্য – গীতেৰে অনুষ্ঠান জীপাল কৰি তোলে । 

Leave A Reply