প্ৰাণৰ মমতাত ইৰাণত অধ্যয়ন কৰি থকা ভাৰতীয়(110 Indian Students Evacuated from Iran) ছাত্ৰই পাঠ্যপুথি সামৰি ভাৰতলৈ বুলি ৰাওনা হৈছে৷ শতাধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীক বৃহস্পতিবাৰে বিমানেৰে নতুন দিল্লীলৈ অনা হয়৷ ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধৰ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে তেহৰাণস্থিত ভাৰতীয় দূতাবাসে গ্ৰহণ কৰা ব্যৱস্থাৰ জৰিয়তে ৰাজধানী চহৰখনত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক তাৰ পৰা বাহিৰ উলিয়াই লৈ যোৱা হৈছে৷
ইয়াৰে ১১০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সীমান্ত পাৰ হৈ আৰ্মেনিয়াত প্ৰৱেশ কৰিছে৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এক বিবৃতিত কয় যে ভাৰতীয় দূতাবাসে সম্ভৱপৰ সকলো সাহায্য প্ৰদানৰ লক্ষ্যৰে ভাৰতীয় সম্প্ৰদায়ৰ সৈতে অহৰহ যোগাযোগ অব্যাহত ৰাখিছে৷ বিবৃতিটোত কোৱা হৈছে যে তেহৰাণত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক সুৰক্ষাৰ কাৰণে চহৰখনৰ পৰা আঁতৰাই লৈ যোৱা হৈছে ৷
এইক্ষেত্ৰত ভাৰতীয় দূতাবাসে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷ কিছু ভাৰতীয়ক পৃথকে পৃথকে আৰ্মেনিয়াৰ সীমান্তৰে ইৰাণৰ পৰা ওলাই যাবলৈ সুবিধা প্ৰদান কৰা হৈছে বুলি বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে৷ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অধিক পৰামৰ্শ জাৰি কৰিব পাৰে বুলিও কোৱা হৈছে৷ জম্মু-কাশ্মীৰ ছাত্ৰ সন্থাৰ তথ্য অনুসৰি, কাশ্মীৰ উপত্যকাৰ ৯০জনসহ উৰ্মিয়া চিকিৎসা বিশ্ববিদ্যালয়ৰ ১১০জন ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে নিৰাপদে সীমান্ত পাৰ হৈ আৰ্মেনিয়াত প্ৰৱেশ কৰিছে৷
অৱশেষত যুদ্ধবিধ্বস্ত ইৰানৰ পৰা সুকলমে দেশলৈ উভতিল ১১০ গৰাকী ভাৰতীয় শিক্ষাৰ্থী। আৰ্মেনিয়াৰ পৰা বিশেষ বিমানেৰে পুৱাই দিল্লীত উপস্থিত শিক্ষাৰ্থীসকল। অপাৰেশ্যন সিন্ধুৰ অধীনত স্বদেশলৈ আহিল শিক্ষাৰ্থীসকল।