Breaking

ইজৰাইল হামাছৰ তীব্ৰ যুদ্ধত ১১০০ লোকৰ মৃত্যু…

0 81

ইজৰাইললৈ ৫০০০ ৰকেট নিক্ষেপ হামাছ। শনিবাৰে পুৱাই হামাছে ইজৰাইলৰ ওপৰত প্ৰায় ৫০০০ ৰকেট নিক্ষেপ কৰা বুলি দাবী কৰে। তাৰ পিছৰে পৰা ইজৰাইল আৰু হামাছৰ মাজত তীব্ৰ যুদ্ধ চলি আছে য’ত এতিয়ালৈকে ১১০০ জন লোকৰ মৃত্যু হৈছে। শনিবাৰে (৭ অক্টোবৰ) পুৱা ইজৰাইলৰ ওপৰত হামাছে অন্যতম বৃহৎ আক্ৰমণ চলায়।

হামাছ কি আৰু ইজৰাইলক কিয় প্ৰত্যাহ্বান জনাইছে যিটোক অতি বিপজ্জনক বুলি গণ্য কৰা হয়। হামাছ হৈছে পেলেষ্টাইনৰ সৰ্ববৃহৎ উগ্ৰপন্থী ইছলামিক গোট আৰু অঞ্চলটোৰ দুটা প্ৰধান ৰাজনৈতিক দলৰ ভিতৰত অন্যতম। বৰ্তমান ই গাজা ষ্ট্ৰিপত ২০ লাখতকৈ অধিক পেলেষ্টাইনীক শাসন কৰে। অৱশ্যে ইজৰাইলৰ বিৰুদ্ধে সশস্ত্ৰ প্ৰতিৰোধৰ বাবেও এই সংগঠনটো পৰিচিত। সামগ্ৰিকভাৱে হামাছ বা কিছুমান ক্ষেত্ৰত ইয়াৰ সামৰিক শাখাটোক ইজৰাইল, আমেৰিকা, ইউৰোপীয় সংঘ, যুক্তৰাজ্য আৰু অন্যান্য দেশসমূহে সন্ত্ৰাসবাদী গোট হিচাপে নিৰ্ধাৰণ কৰিছে।



Leave A Reply