Breaking

নুনমাটি সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশন

0 32

বৃহত্তৰ শালবাৰী কেন্দ্ৰীয় উন্নয়ন সমিতিৰ সহযোগত বৃহত্তৰ শালবাৰী সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা মন্দিৰৰ প্ৰাংগণত ১৮ ফেব্ৰুৱাৰীত দিনযোৰ বৰ্ণাধ্য কাৰ্যসূচীৰে নুনমাটি সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হৈ যায়।

ড॰ যাদৱ চন্দ্ৰ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত চন্দ্ৰ কান্ত দাসৰ সম্পাদিত সভাৰ মুখপত্ৰ “সেতু”, প্রদীক কুমাৰ শৰ্মাৰ প্ৰবন্ধ সংকলন “আধ্যাত্মিক চিন্তা-চেতনা প্ৰবাহ”, মনোমতি দাসৰ গল্প সংকলন “পিটনিৰ পদুম”, আৰু ড॰ সবিতা মজুমদাৰ কলিতাৰ কবিতা পুথি “সোণপৰুৱাৰ এধানী আকাশ”ৰ শুভ উন্মোচন হয়।

উল্লেখযোগ্য যে টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড॰ সবিতা মজুমদাৰ কলিতা এগৰাকী একেধাৰে গৱেষক তথা নিবন্ধকাৰ। সাহিত্যৰ বৰপথাৰত খোজ পেলোৱা ড॰ সবিতা মজুমদাৰ কলিতাই শিক্ষা জীৱনৰ লগতে সমান্তৰাল ভাবে ধাৰাবাহিক ভাবে বিভিন্ন কাকত-আলোচনীত প্ৰবন্ধ, কবিতা বিভিন্ন ধৰণৰ লেখা লিখি আহিছে।

উল্লেখযোগ্য যে তেখেত নুনমাটি সাহিত্য সভাৰ মুখপত্ৰ ‘সেতু’ আৰু ‘ৰেঙনি’ৰ এগৰাকী নিয়মীয়া নিবন্ধকাৰ। বৰ্তমানলৈকে তেখেতৰ প্ৰকাশিত গ্ৰন্থ হৈছে ‘অধ্যাপনাৰ আলাপ’, ‘কবিতা কানান’, ‘চৈয়দ আব্দুল মালিকৰ উপন্যাসত নাৰী চৰিত্ৰ’, ভাষা-সাহিত্য- সংস্কৃতিত এভুমুকি’, নকুল চন্দ্ৰ ভূঞাৰ নাটকৰ এটি বিশ্লেষণাত্মক অধ্যয়ন’ আৰু ‘কেঁচা মাটিৰ পৰশত সঁচা ব্যক্তিৰ সন্ধান’ আদিয়েই প্ৰধান।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে সাহিত্য অকাডেমি বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰা, সৰ্বভাৰতীয় কথা বঁটা প্ৰাপক জয়ন্ত কুমাৰ চক্ৰৱৰ্তী, অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কমল কলিতা, সাহিত্য কৰ্মী ৰত্নেশ্বৰ বসুমতাৰী আৰু দীপক শৰ্মা।

– অৰূপ বড়ো, টংলা

Leave A Reply