Breaking

শিৱসাগৰ জিলা তাক্স ফ’ৰ্চৰ উদ্যোগত শিমলুগুৰিত ১২ শিশু শ্ৰমিক উদ্ধাৰ

0 41

নাজিৰাৰ শিমলুগুৰি, বালিঘাট অঞ্চলত একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে নীতি উলংঘা কৰি শিশু সুৰক্ষা আইনক বুঢ়া আঙুলি দেখুৱাই আহিছে৷

সোমবাৰে শিৱসাগৰ জিলা শিশু শ্ৰমিক তাক্স ফ’ৰ্চ সমিতিয়ে নাজিৰাৰ শিমলুগুৰি অঞ্চলত শিশু শ্ৰমিক উদ্ধাৰৰ অভিযানত জিলা শিশু সুৰক্ষা বিষয়া ড° বিকাশ ৰঞ্জন কোঁৱৰ, শিশু কল্যাণ সমিতিৰ অধ্যক্ষা মনালিচা শৰ্মা, নাজিৰা শ্ৰম বিষয়াৰ কাৰ্যালয়ৰ শ্ৰম পৰিদৰ্শক আৰ্চাদ আহমেদ, শিমলুগুৰি আৰক্ষী থানাৰ শিশু কল্যাণ আৰক্ষী বিষয়া নৱজ্যোতি বৰদলৈ, জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ সমাজসেৱকদ্বয় দীপক টায়ে, প্ৰাৰ্থনা দুৱাৰা, নাজিৰা শ্ৰম বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী বিপুল গগৈৰ লগতে স্থানীয় সাংবাদিকৰ সহযোগত শিমলুগুৰি অঞ্চলৰ পিংকু মহন ব্ৰইলাৰ ফ্ৰামৰ পৰা ২জন,শিমলুগুৰি
ৰাজস্থান হোটেলৰ পৰা ৩জন, বালিঘাট পাৰিজাত হোটেলৰ পৰা ৬জন,বালিঘাট কাৰ ৱাচিংৰ পৰা ১জন,

মুঠ ১২ টি শিশু শ্ৰমিক উদ্ধাৰ কৰি শিশু শ্ৰমিক নিয়োগ কৰা মালিক পক্ষৰ ওপৰত শিমলুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰি প্ৰকৃত পিতৃৰ সন্ধানৰ আগমূহুৰ্ততলৈকে স্বাস্থ্য পৰীক্ষা কৰি শিৱসাগৰত অৱস্থিত আহানা শিশুগৃহত ৰখাৰ ব্যৱস্থা কৰা হয়৷

-দিলীপ হাজৰিকা,নাজিৰা

Leave A Reply