Breaking

ডেৰশ বিঘা মাটিত উন্নত জাতৰ মগু,মাটি মাহৰ খেতি কৰি হাঁহি বিৰিঙিছে কৃষকৰ৷

0 145

যি সময়ত ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলে কেৱল মাত্ৰ চৰকাৰী সংস্থাপনৰ আশাত বছৰ বছৰ ধৰি অপেক্ষা কৰি দিন কটাবলগীয়া হৈছে ঠিক তেনে সময়তে তৰুণ প্ৰজন্মৰ একাংশ শিক্ষিত যুৱক যুৱতীয়ে কৃষি বিজ্ঞান কেন্দ্ৰক সহযোগী হিচাপে লৈ নিবনুৱা সমস্যাৰ সমাধানৰ বাবে কৃষি কৰ্মৰ জৰিয়তে প্ৰথম প্ৰচেষ্টাতেই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে বিভিন্ন ঠাইত বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰ বালি চাপৰি সমূহ এনেই পৰি থকালৈ লক্ষ্য কৰি এইবাৰ শোণিতপুৰ জিলাৰ বৰছলা সমষ্টি অন্তৰ্গত ন বিলত ব্ৰহ্মপুত্ৰৰ বালি চৰত কেইবাজনো শিক্ষিত যুৱকেৰে গঠিত জোনাক আত্ম সহায়ক গোটে তেজপুৰ নপাম স্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি প্ৰায় ডেৰশ বিঘা বালি চৰত কৃষি বিজ্ঞান কেন্দ্ৰ তৰফৰ পৰা যোগান ধৰা উন্নত মানদণ্ডৰ মাটি মাহ আৰু মগু মাহ খেতি কৰিছিল।

যুৱক সকলক কৃষি বিজ্ঞান কেন্দ্ৰ তৰফৰ পৰা পৰীক্ষা মূলক ভাৱে যোগান দিয়া উন্নত জাতৰ মাটি আৰু মগু মাহৰ  খেতি কৰি সফলতা পাৱলৈ সক্ষম হৈছে।২৬ নবেম্বৰত তেজপুৰ নপামস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ তৰফৰ পৰা এই খেতি পৰিদৰ্শন কৰিবলৈ অহা কেন্দ্ৰটোৰ শস্য ৰক্ষা বিশেষজ্ঞা সংযুক্তা শইকীয়াই উপস্থিত হৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা যোগান ধৰা বীজৰ উৎপাদন সম্পৰ্কে কৃষক সকলৰ পৰা বুজ লয়।ইফালে একেটা মাটিত কি দৰে অধিক উৎপাদন কৰিব পাৰি বা মাটিৰ গুণাগুন সম্পৰ্কে কৃষক সকল কেনেদৰে গম পাব সেই সম্পৰ্কে মত বিনিময় কৰে ভূমি বিজ্ঞানী বিষয়া নমিতা দত্তই । কৃষি বিজ্ঞান কেন্দ্ৰৰ দলটোৰ সৈতে সহ প্ৰকল্প বিষয়া পলাশ ঠেঙাল আৰু এপাৰ্টৰ বিষয়া পদ্ম দলেও উপস্থিত থাকি জোনাক আত্ম সহায় গোটৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ বিশাল বালিচৰত কৃষক সকলে পৰিশ্ৰমৰ জৰিয়তে কৃষি বিজ্ঞানৰ তৰফৰ পৰা লাভ কৰা বীজ সমূহৰ সঠিক ব্যৱহাৰ কৰি যি উৎপাদন কৰিলে ইয়াৰ দ্বাৰা আন কৃষক সকলেও উপকৃত হব বুলি উল্লেখ কৰে।

গুৰুত্বপূৰ্ণ কথা যে যি সময়ত কৃষি বিভাগ তৰফৰ পৰা যোগান ধৰা বীজৰ খেতি কৰি প্ৰায়ে কৃষক সকল ঠগ খাব লগা হয় তেনে সময়তে  তেজপুৰ নপাম কৃষি বিজ্ঞান কেন্দ্ৰ তৰফৰ পৰা উন্নত জাতৰ বীজ লাভ কৰি অধিক উৎপাদন কৰিৱলৈ সক্ষম হৈছে কৃষক গোটটিয়ে।প্ৰথম বাৰৰ বাবে কৃষি কাৰ্যৰ সৈতে জড়িত হৈ মগু আৰু মাটি মাহৰ খেতি কৰা কৃষক গোটটোৱে প্ৰায় ১০০ কুইন্টলতকৈ অধিক মাটিমাহ লাভ কৰিব বুলি কৃষি বিজ্ঞান কেন্দ্ৰৰ দলটোৰ আগত প্ৰকাশ কৰে।  

শেহতীয়াকৈ এই গোটটোকেই পুনৰ উন্নত জাতৰ মটৰ আৰু মচুৰ দাইলৰ বীজ খেতি কৰিবলৈ  যোগান ধৰিছে কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা।তেজপুৰ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি তথা শিক্ষক তৰুণ চন্দ্ৰ নাথ,স্থানীয় কৃষক ৰঞ্জিত নাথ,জয়ন্ত নাথ,নিৰেন কুৰ্মীৰ বিশেষ প্ৰচেষ্টাৰ জৰিয়তে জিলা খনৰ কেইবাগৰাকী শিক্ষিত যুৱকৰ দ্বাৰাই যোগাত্মক দৃষ্টিভংগীৰে কৃষি কৰ্মত আত্মনিয়োগ কৰা এই সকল কৃষকৰ কৃষি কৰ্মই অঞ্চলটোত কৃষি কৰ্মৰ প্ৰতি বহুতকে আকৰ্ষিত কৰিছে ।

Leave A Reply