Dhing । ধিঙত ১২৮ তম নেতাজী জন্ম জয়ন্তী উদযাপন

২৩ জানুৱাৰী, ২০২৫ঃ Dhing । নগাঁও জিলাৰ ধিঙত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮ তম জন্ম জয়ন্তী ধিং স্থিত নেতাজী সুভাষ সংঘত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন কৰে ধিং পৌৰ সভাৰ পৌৰপতি সুশান্ত দেৱ নাথে, নেতাজী প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে ধিং থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া প্ৰজ্ঞান গগৈয়ে ,নেতাজী সুভাষ সংঘৰ সভাপতি সন্দীপ কুড়ী আৰু উপস্থিত বিশিষ্ট ব্যক্তি সকলে।

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ধিং ৰাজহ চক্রৰ চক্র বিষয়া সৌৰভ কুমাৰ দাসে, নেতাজী সুভাষ সংঘৰ পতাকা উত্তোলন কৰে ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জিত দেৱ নাথে আৰু সদৌ অসম বাঙলী যুৱ পৰিষদৰ পতাকা উত্তোলন কৰে নেতাজী সুভাষ সংঘৰ তথা আঞ্চলিক সম্পাদক ৰাণা মোদকে।

তৃপ্তি দেৱ নাথৰ পৰিচালনাত আৰু কিশলয় সযগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সহযোগত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয় । অনুষ্ঠানটি সঞ্চালনা কৰে ধিং শংকৰ দেৱ বিদ্যা নিকেতনৰ প্ৰধানাচাৰ্য সঞ্জীৱ দাসে ।

Related Articles