লামডিং ইটাভাটা চাৰিআলিৰ পৰা ১৩ মহীয়া শিশু সন্ধানহীন। সন্ধানহীন হোৱা শিশুটিৰ নাম ছুমুয়া বেগম। ঘৰৰ চোতালত খেলি থকাৰ সময়তে সন্ধানহীন হৈ পৰে শিশুটি। লামডিং ইটাভাটা চাৰিআলিৰ বাসিন্দা চাহিনা বেগম আৰু তহিবুৰ ৰহমানৰ সন্তান ছুময়াৰ নিৰুদ্দেশৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।
কোনো লোকে শিশুটিক অপহৰণ কৰি নিয়াৰ সন্দেহ পৰিয়ালৰ লোকৰ। ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

