Breaking

বিহালীৰ এখন গাঁৱলৈ গৌৰৱ কঢ়িয়া আনিলে ১৩ গৰাকীকৈ ছাত্র-ছাত্রীয়ে

0 1,132

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ল এখন গাঁওৰ ১৩ গৰাকী ছাত্র-ছাত্রী। গাঁৱৰ গঞাই ৰাইজে আজি সম্বধনা জনালে ১৩ গৰাকী ছাত্র-ছাত্রীক।সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীক আজি বুৰৈগুৰী নৱজ্যোতি নিম্ন প্ৰাৰ্থমিক বিদ্যালয়ত অভিনন্দন জনায় । বিদ্যালয়খনৰ পৰিচালনা সমিতি আৰু গাঁওখনৰ গঞাই ৰাইজে ।বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰিণ্টু আৰ্জেলে আতঁ ধৰে বিদ্যালয়খনৰে পৰিচালনা সমিতিৰ সভাপতি গিৰিশ দাসে সভাপতিত্বত কৰে। সহকাৰী শিক্ষক বিজিৎ ৰয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত ১৩ গৰাকী ছাত্র- ছাত্ৰীক অভিনন্দন জনাই ক্ৰমে–অঞ্জুমনি দাস , চুইটী দাস , ৰুনো দাস , বিদ্যুৎ দাস , অনামিকা দাস , জিংকু দাস , পবিত্র সোনাৰী , জুৰি দাস , বিপুল দাস , বিমল দাস , নাৰায়ণ বৈষ্ণব , প্ৰিয়ংকা দৈমাৰী আদি ।

এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য ৰাখে শিক্ষক প্ৰেম কুমাৰ বৈষ্ণৱ “শিক্ষয়িত্ৰী পূৰ্ণিমা চেত্ৰী ,অঞ্জু চাপাগাঁই ;সাংবাদিক খগেন মটক স্থানীয় যুৱক ভগৱান গোহাঁই ;অচ্যুত দাস প্ৰফুল্ল দাস আদিয়ে ।

Leave A Reply