ওদালগুৰি লেখিকা সংস্থাৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিবেশন

ওদালগুৰি লেখিকা সংস্থাৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিবেশন খনি ২১ডিচেম্বৰত  এদিনীয়া কাৰ্যসূচীৰে ওদালগুৰিৰ বিষ্ণু ৰাভা কৃষ্টি সংঘৰ  সভাকক্ষত অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে লেখিকা সংস্থাৰ সভাপতি মঞ্জু দেৱীয়ে। স্মৃতি তৰ্পণ কৰে লেখিকা সংস্থাৰ উপদেষ্টা প্ৰতিভা চহৰীয়াই।

পুৱা ১০ বজাত লেখিকা সংস্থাৰ সদস্যাৰ মাজত  আকস্মিক বক্তৃতা প্ৰতিযোগিতা খনি সঞ্চালনা কৰে উপ-সভাপতি অঞ্জু গোস্বামী কলিতাই।পুৱা ১১ বজাত বিষয়-বাচনি সভাত অঞ্জু গোস্বামী কলিতাক সভাপতি আৰু ৰেবিকা দেৱীক সম্পাদিকা হিচাপে লৈ ওদালগুৰি লেখিকা সংস্থাৰ ১৫ জনীয়া সমিতি গঠন কৰা হয়।দিনৰ ১বজাত মুকলি সভা উদ্বোধন কৰে লেখিকা সংস্থাৰ উপদেষ্টা প্ৰতিভা চহৰীয়াই।

দিনৰ ২ বজাত লেখিকা নিৰুপমা বৰগোহাঞিৰ সাহিত্যক জীৱনৰ ওপৰত আলোকপাত আলোচনা চক্ৰত অংশগ্ৰহণ কৰে ক্ৰমে প্ৰতিভা চহৰীয়া,মেঘমালা সূত্ৰধাৰ,অঞ্জু গোস্বামী কলিতা,ৰঞ্জনা তালুকদাৰ,অৰ্পণা হাজৰিকা কলিতা আৰু ধনমণি ডেকা দত্তই।বিয়লি ৩ বজাত মুখপত্ৰ বিকশিতা উন্মোচন কৰে উপদেষ্টা মেঘমালা সূত্ৰধাৰে। বিয়লি ৪ বজাত মুকলি মঞ্চৰ জৰিয়তে নৃত্য গীত,কবিতা পাঠৰ অনুষ্ঠান।শলাগৰ  শৰাই আগবঢ়ায়  সম্পাদক জ্যোৎস্না বৰ্মন দাসে।

নব কুমাৰ ডেকা

Related Articles