Breaking

ত্ৰয়োদশ কলগাছিয়া গ্ৰন্থমেলাৰ সফল সামৰণি

0 48

নামনি অসমৰ ধৰ্মীয় সংখ্যলঘূ সকলৰ বৌদ্ধিক চিন্তা চৰ্চাৰ কেন্দ্ৰস্থল বুলি পৰিচিত কলগাছিয়াত যোৱা ১৫ নবেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ বিস্তৃত বৰ্ণাঢ্য কাৰ্যক্ৰমনিকাৰে আয়োজন কৰা ত্ৰয়োদশ কলগাছিয়া গ্ৰন্থমেলাৰ দেওবাৰে সফল সামৰণি পৰে।

কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে চকচকা আঞ্চলিক পঞ্চায়তৰ সদস্য ডিম্পল শৰ্মাই। দুপৰীয়া ১১ বজাত বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি এম কোব্বাদ আলীয়ে। বিয়লি ১ বজাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতামূলক সাংস্কৃতিক অনুষ্ঠানৰ পিছতে সন্ধিয়াত ত্ৰয়োদশ কলগাছিয়া গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ ‘কলগাছিয়া দৰ্পন’ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা নিবন্ধকাৰ বৈকুন্ঠ গোস্বামীয়ে।

দৰ্পণ উন্মোচন কৰি তেখেতে কয় যে ‘স্মৃতিগ্ৰন্থখন হ’ল গ্ৰন্থমেলা অনুষ্ঠানৰ ‘আত্মা’। মঞ্চত গান-বাজ পৰিৱেশন কৰাৰ পিছত সেইবোৰ দুদিন পিছত মনত নাথাকে কিন্তু স্মৃতিগ্ৰন্থখন চিৰদিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি। ভৱিস্যতত এই গ্ৰন্থখন এক অমূল্য দলিল আৰু ঐতিহাসিক সমল হৈ পৰিব। কলগাছিয়াৰ নিচিনা ঠাইত এনে এখন বৌদ্ধিক মেলা আয়োজন কৰি ভাল কাম কৰিছে। ‘স্মৃতিগ্ৰন্থ উন্মোচনৰ পিছতেই আয়োজক সমিতিৰ সভাপতি তথা বৰপেটাৰ সাংসদ আব্দুল খালেকৰ সভাপতিত্বত অনুষ্ঠিত হয় ত্ৰয়োদশ কলগাছিয়া গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ আগবঢ়ায় অসম বাণী কাকতৰ সম্পাদক দিলীপ চন্দন।

ভাষণত তেখেতে কয় যে বিগত ১৩ বছৰ ধৰি কলগাছিয়াত গ্ৰন্থমেলাৰ আয়োজন কৰি এক বৌদ্ধিকতাৰ পৰিচয় দিছে। কলগাছিয়াবাসী ৰাইজ যে প্ৰকৃত অসমীয়া এয়া তাৰ প্ৰমাণ। লগতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত বিশিষ্ট লেখক ময়ুৰ বৰাই ভাষণত কয় যে, কলগাছিয়া গ্ৰন্থমেলাই অসমীয়া ভাষা-সংস্কৃতি আৰু সাহিত্য সমৃদ্ধিশালী কৰিছে। কলগাছিয়াবাসী ৰাইজে নিৰৱচ্ছিন্ন ভাবে অসমীয়া জাতীয় জীৱন সমৃদ্ধি কৰিবলৈ নিস্বাৰ্থ ভাবে কাম কৰি আহিছে। কলগাছিয়াৰ নিচিনা চৰ-চাপৰিবাসী মুছলমান ৰাইজক বাদ দি বৃহত্তৰ অসমীয়া জাতি সম্পূৰ্ণ নহয়।

সামৰণি অনুষ্ঠানত বিশিষ্ট প্ৰবীন সাংবাদিক লেখক, মৌলানা আব্দুল হামিদ আৰু চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দুলাল চন্দ্ৰ বসাকক ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শেষত সামৰণি অনুষ্ঠানৰ পিছত বিশিষ্ট সাহিত্যিক ‘লাইধন খাঁ’ৰ লেখক পুলিন কলিতালৈ পোন প্ৰথমবাৰৰ বাবে ‘কলগাছিয়া সাহিত্য’ বঁটা প্ৰদান কৰা হয়।

অনুষ্ঠানটোত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি বিশিষ্ট নিবন্ধকাৰ ব্ৰজেন ডেকাই ভাষণত কয়, মিঞা বুলি কোৱা কলগাছিয়া অঞ্চল তথা চৰ চাপৰি অঞ্চলৰ মানুহ খিনি হ’ল প্ৰকৃত অসমীয়া মানুহ। এওঁলোকক বাদ দি অসমীয়াৰ কথা ভাবিই নোৱাৰু।

অনুষ্ঠানটোত অভিনেত্ৰী মেঘৰঞ্জনী মেধি, সাংবাদিক ছাহজাহান তালুকদা, সুস্মিতা গোস্বামী, অধিবক্তা আজিজুৰ ৰহমান, বিধায়ক আব্দুল বাতেন খন্দকাৰ আদি ব্যাক্তি সকলে ভাষন ৰাখে। সন্ধিয়া ৬ বজাত আমন্ত্ৰিত শিল্পী গোষ্ঠিৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ মাজেৰে ত্ৰয়োদশ কলগাছিয়া গ্ৰন্থমেলা সামৰণি পৰে।

Leave A Reply