মহুৰামুখ,১৬ নবেম্বৰ : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসম গণ পৰিষদ দলৰ সভাপতি তথা বোকাখাত সমষ্টিটোৰ বিধায়ক অতুল বৰাৰ সবল নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ সমষ্টিটোৰ ভিন্ন প্ৰান্তৰ লোকে অসম গণ পৰিষদ দলত যোগদান কৰাৰ উজান উঠা দেখা গৈছে। কালি অসম গণ পৰিষদৰ সভাপতি তথা বিধায়ক অতুল বৰাৰ বাস গৃহত উত্তৰ মহুৰা মিচিং ছাত্ৰ সংগঠনৰ সভাপতি শংকৰ জ্যোতি মৰাঙৰ নেতৃত্বত এদল মিছিং সংগঠনৰ সদস্যই কালি অতুল বৰাৰ বাসগৃহত অসম গণ পৰিষদ দলত যোগদান কৰে ।এই যোগদানৰ সময়ত দলটোৰ বোকাখাত বিধান পৰিষদৰ সভাপতি জগত কলিতা , সম্পাদক উৎপল বৰদলৈ ,উওৰ মহুৰা আঞ্চলিক সমিতিৰ উপ সভাপতি ধীৰেন লইঙকে ধৰি ভালেসংখ্যক অগপৰ কৰ্মী উপস্থিত আছিল। মিচিং ছাত্ৰ সংগঠনৰ কৰ্মীবৃন্দক অগপৰ কৰ্মী সকলে বিপুল আদৰনি জনাই ।