দলগাঁৱত জটিল ৰোগত আক্ৰান্ত ১৪ বছৰীয়া কিশোৰ

দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গৰাঘাট গাঁৱৰ মহৰ আলী নামৰ এজন ব্যক্তিৰ ১৪ বছৰীয়া পুত্ৰ ছাইদুৰ আলীয়ে দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছে জটিল ৰোগত ৷ কণমানি শিশুটিয়ে জটিল ৰোগত আক্ৰান্ত হৈ বিচনাত পৰি থকাৰ সমান্তৰালভাৱে মাতৃয়ে হুইল চেয়াৰত বহাই লৈ ঘুৰা ফুৰা কৰি পাৰ কৰিছে দিন ৰাতি ।  শিশু টিৰ জন্মৰ ৫ মাহ পিছতেই পিতৃ মাতৃয়ে জটিল ৰোগৰ উমান পাই । তাৰ পিছৰে পৰাই বিভিন্ন ঠাইত চিকিৎসা গ্ৰহণ কৰে যদিও কোনো সুফল নাপায় । চিকিৎসকে জনোৱা মতে, কণমানি শিশুটিৰ নাৰ্ভৰ সমস্যা  আছে  ৷ নিজৰ সম্পত্তি বিক্ৰী কৰি চিকিৎসা কৰিও সম্পূৰ্ণ সুস্থ কৰিব পৰা নাই নিজ পুত্ৰক । বৰ্তমান ধনৰ অভাৱত উন্নত চিকিৎসা গ্ৰহণ কৰিব পৰা নাই । বিছনাত ছটফটাইছে  ছাইদুৰ আলী । কিশোৰ গৰাকীৰ উন্নত চিকিৎসাৰ বাবে বহুত টকাৰ প্ৰয়োজন । বৰ্তমান হতাশাত ভাঙি পৰিছে দুৰ্ভগীয়া পৰিয়ালটো । চৰকাৰৰ লগতে বিভিন্ন দল সংগঠন তথা ৰাইজৰ পৰা সহায় বিচাৰিছে ছাইদুৰ আলীৰ পৰিয়ালে । হৃদয়বান লোকে ৰোগাক্ৰান্ত কিশোৰ গৰাকীৰ পৰিয়ালৰ  ষ্টেট বেংক অফ ইণ্ডিয়াৰ ৰৌতা শাখাৰ একাউন্ট নম্বৰ 34299482343 , IFSC CODE- SBIN0003378 ৰ জৰিয়তে সহায়ৰ  হাত আগবঢ়াবলৈ কাতৰ আহ্বান জনাইছে ছাইদুৰ আলীৰ মাতৃয়ে ৷ যোগাযোগ নম্বৰ  7636866099 ।

Related Articles