ওদালগুৰি অসামৰিক চিকিৎসালয়ত ১৫খন বিচনাযুক্ত আইচিইউ সেৱা :মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ২৯ ছেপ্তেম্বৰত  ওদালগুৰি জিলাত বিভিন্ন চৰকাৰী আঁচনিৰ খতিয়ানৰ বুজ লয়।তেওঁ চৰকাৰী আঁচনিৰ বুজ লৈ কয় ওদালগুৰি অসামৰিক সিকিৎসালয়ত অতি শীঘ্ৰে  ১৫খন বিচনাযুক্ত আইচিইউ সেৱাৰ ব্যৱস্থা কৰা হব।চৰকাৰী ভ্ৰমণ কাৰ্যসূচীৰে ২৯ ছেপ্তেম্বৰত  ওদালগুৰিত উপস্থিত হৈ ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়েে  নিজৰ ভ্ৰমণ কালত  ওদালগুৰিৰ বিভিন্ন চৰকাৰী আঁচনিৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে এখন আদৰ্শ অংগনবাদী কেন্দ্ৰ উন্মোচন তথা জল জীৱন মিছন আঁচনি অন্তৰ্গত ঘৰে ঘৰে খোৱা পানী যোগান ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে ওদালগুৰি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ  নতুনকৈ নিৰ্মাণ কৰা আইচিইউ কক্ষ পৰিদৰ্শনৰ লগতে অক্সিজেন প্লান্ট পৰিদৰ্শন কৰি অতি কম ভিতৰত এই দুয়োটা সেৱা ৰাইজৰ বাবে মুকলি কৰা হব বুলি সাংবাদিকৰ আগত সদৰি কৰে। ইয়াৰপূৰ্বে তেওঁ ওদালগুৰিত জল জীৱন মিছন আঁচনিৰ দ্বাৰা ৰাইজ প্ৰকৃততে উপকৃত হৈছে নে তাৰ বুজ লবলৈ মনপুৰৰ কেবাজনো  লোকৰ ঘৰত সোমাই ঘৰৰ গৃহস্তৰ সৈতে কথা বাৰ্তাত মিলিত হোৱাৰ লগতে স্থানীয় বড়ো সম্প্ৰয়াদৰ লোকে নিজৰ ঘৰৰ চোলালত গঢ়ি তোলা সুন্দৰ ফুলৰ বাগিছাৰ মাজত ফুলৰ সুভাষ লোৱাৰ লগতে সুন্দৰ ফুলনি গঢ়ি তোলাৰ বাবে ঘৰৰ গৰাকীক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে, পূৱা ১১টা বজাত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে কেবাটাও চৰকাৰী আঁচনিৰ কাম আৰু ভেকচিনেচন কেম্প পৰিদৰ্শনৰ কাৰ্যসূচীতৰ অংশ লোৱাৰ কথা আছিল যদিও আবেলি প্ৰায় তিনিটা বজাত ওদালগুৰিত উপস্থিত হোৱাত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে অনুষ্ঠিত হব লগীয়া উন্নয়নৰ খতিয়ান সম্পৰ্কীয় সভা বাতিল হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে ইয়াৰ মাজতেই মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ওদালগুৰিৰ জিলা উপায়ুক্ত ডঃ পি উদয় প্ৰবীণক লগত লৈ ওদালগুৰিৰ বিভিন্ন চৰকাৰী আঁচনিৰ কাম পৰিদৰ্শনৰ লগতে বিদ্যালয়, ভেকচিনেচন চেন্টাৰ, স্বাস্থ্য কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰে।

Related Articles