বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী উত্তৰকুছিত যোৱা ১ নৱেম্বৰৰ পৰা পোন্ধৰ দিনীয়াকৈ বনৰীয়া মৌ পালন আৰু পৰিচৰ্যাৰ ওপৰত অনুষ্ঠিত এক প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে ৷ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত আৰু গ্ৰীণ এনভাইৰ্ণমেন্ট টাস্ক ফৰ্চৰ সহযোগত গ্ৰীণ স্কীল ডেভলপমেণ্ট প্ৰগ্ৰেমৰ অধীনত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত জিলাখনৰ ভিন্ন প্ৰান্তৰ ২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । উক্ত প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষাৰ্থী সকলক বিজ্ঞানসন্মতভাৱে মৌ পালন কৰি অৰ্থনৈতিকভাৱে কিদৰে লাভৱান হ’ব পাৰে তাৰ ওপৰত তাত্বিক শিক্ষা প্ৰদান কৰাৰ লগতে মৌ-মাখি ধৰা, মৌ ৰস সংগ্ৰহ কৰা আদি বিষয়ত ব্যৱহাৰিক শিক্ষাদানৰ উদ্দেশ্যে জিলাখনৰ মৌ-গাঁও খ্যাত বৰবৰীৰ খামৰিগাঁওলৈ প্ৰশিক্ষাৰ্থী সকলক নিয়া হয় হয় ৷ পোন্ধৰ দিনীয়া এই প্ৰশিক্ষণ শিবিৰৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰৰ লগতে বিনামূলীয়াকৈ মৌ পালন সম্পৰ্কীয় গাইডবুক, মৌবাকচ, মৌ মাখি ধৰা তথা মৌ ৰস সংগ্ৰহত ব্যৱহৃত বিভিন্ন সা-সজুলি আদি বিতৰণ কৰা হয় ৷ উল্লেখ্য যে এই প্ৰশিক্ষণ শিবিৰত প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠন মানাস-চৌকী ইক’ ট্যু’ৰিজিম চছাইটি, মানাস-দাৰাগাঁও ইক’ ট্যু’ৰিজিম চছাইটি আৰু মানাস-চৌচি খংখৰ ইক’ ট্যুৰিজিম চছাইটিৰ সদস্য সকলেও সহযোগিতা আগবঢ়ায়৷
Breaking
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কি অদ্ভুত ৰীতি-নীতি, নৱ বিবাহিত দম্পতীয়ে বিয়াৰ ৩ দিনৰ বাবে যাব নোৱাৰে শৌচাগাৰলৈ। কইনাই কান্দিছে পেটৰ বিষত!
- অজয় দেৱগনে নয়ডা ৰ’ডত ষ্টাইলত ষ্টাণ্ট কৰিছিল, আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে দেৱগনৰ ওপৰত
- ছিপাঝাৰ সমষ্টিৰ প্ৰায় ৭০ গৰাকী ব্যক্তিয়ে আপত যোগদান কৰে
- দৈনিক খোজ খোজ কঢ়াৰ পিছতো আপোনাৰ ওজন হ্ৰাস হোৱা নাই নেকি? তেন্তে কি কৰিব…
- অজয় দেৱগনৰ জীয়ৰী নাইচা দেৱগনে লণ্ডনত বন্ধুবৰ্গৰ সৈতে পাৰ্টী কৰিলে; তাৰপিছত কি হ’ল! পাৰ্টীত কোনে ignore কৰিলে নাইচা দেৱগনক
- আজিৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ–মূল্যয়কৰ দৃষ্টি আকৰ্ষণৰ বাবে বিভিন্ন বিষয় উপস্থাপন–উৎসৱমুখৰ বিদ্যালয়ৰ পৰিৱেশ
- ২০০০ বৰ্গফুটত ২০০ বিধ উদ্ভিদৰ শাক-পাচলি খেতি কৰে এগৰাকী গৃহিণীয়ে
- ZEE TV ৰ জনপ্রিয় ৰিয়েলিটী শ্ব’ DID Little Master Season-5 ত উজলিছে চিলাপথাৰ ফুলবাৰীপথাৰৰ ৫ বছৰীয়া আধ্যাশ্রী উপাধ্যায়
- বঙাইগাঁৱৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত কাছাৰপেটী গাঁও পঞ্চায়তত হাজাৰ হাজাৰ হেক্টৰ ধান মৰাপাটৰ খেতি নষ্ট
- জামুগুৰিহাটত পাৰিজাত ব্ৰেণ্ড চাহৰ সৰু পেকেটিং মুকলি কৰে নন্দন প্ৰতিম শৰ্মা বৰদলৈয়ে