
শ্ৰীমন্ত শংকৰদেৱ জাতীয় বিদ্যালয় (এছ.এছ.জে. ভি.), পাঞ্জাবাৰী, গুৱাহাটীৰ উদ্যোগত আৰু উত্তৰ-পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ (এন. ই. জে. চি. চি.), ডিমাপুৰ, সংস্কৃতি মন্ত্ৰালয়, ভাৰত চৰকাৰৰ সহযোগত যোৱা ১৫ জুলাইৰ পৰা ৩০ জুলাইলৈকে অনুষ্ঠিত। ‘বিহু নাচ আৰু বিহু নামৰ ১৫ দিনীয়া বিনামূলীয়া গ্ৰীষ্মকালীন কৰ্মশালা’ৰ সামৰণী অনুষ্ঠানটো গুৱাহাটীৰ পাঞ্জাবাৰীত গত ২৯ জুলাই ২০২৩ তাৰিখে বিয়লি ৪:৩০ বজাত অনুষ্ঠিত হৈ যায়।

য’ত উপস্থিত থাকে এন.ই.জে.চি.চি. ডিমাপুৰৰ সঞ্চালক, ডা: প্ৰসন্ন গগৈ, শিল্পগ্ৰাম এন ই জে চি চিৰ ভাৰপ্ৰাপ্ত বিষয়া, শ্ৰী ভেছুজো ফেছাও আৰু এছ.এছ.জে.ভি.ৰ অধ্যক্ষ শ্ৰী জয়ন্ত মাধব বৰা। অনুষ্ঠানত ভাষণ প্ৰদান কৰে সংগীত নাটক অকাদেমিৰ বঁটা প্ৰাপক তথা বিহু গুৰু তথা বৰ্তমান এন .ই. জে. চি. চি. ডিমাপুৰৰ, সঞ্চালক ডা: প্ৰসন্ন গগৈকে ধৰি অন্যান্য বিশিষ্ট অতিথি সকলে।

সামৰণী অনুষ্ঠানত কেইজনমান অংশগ্ৰহণকাৰী ছাত্ৰ, অভিভাৱক সকলৰ লগতে প্ৰশিক্ষক সকলেও এই কৰ্মশালাৰ সময়ত তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰে। সৰ্বমুঠ, ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰী সকলক এন. ই .জে .চি. চিৰ বিষয়াৰ পৰা ‘প্ৰশংসা প্ৰমাণপত্ৰ’ প্ৰদান কৰা হয়।