Breaking

এইবাৰ ১৫ হাজাৰ যুৱক-যুৱতীৰ বিহু নৃত্যৰে গিনীজ ৱৰ্ল্ড ৰেকৰ্ডৰ লক্ষ্য; উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোডী

0 222

অসমৰ গৌৰৱ আৰু ঐতিহ্য বিহুক বিশ্বৰ আগত উজ্জ্বল কৰি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত চিহ্নিত কৰাৰ প্ৰয়াস কৰিছে৷ সেই উদ্দেশ্যে শুক্ৰবাৰে অসম কেবিনেটে ১০ হাজাৰ বিহু নৃত্যশিল্পীক ১৪ এপ্ৰিলত অনুষ্ঠান পৰিৱেশন কৰি বিশ্ব অভিলেখৰ প্ৰয়াসক অনুমোদন জনায়৷

অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সেইদিনা গুৱাহাটীত উপস্থিত থাকিব।

অসমৰ মন্ত্ৰী বিমল বৰাই কয়, “অসমৰ চহকী সাংস্কৃতিক আৰু পৰম্পৰাগত ঐতিহ্য বিশ্বৰ কেন্দ্ৰীয় মঞ্চত প্ৰদৰ্শিত হোৱাৰ লগতে গিনিজ বুক অৱ ৰেকৰ্ডত প্ৰৱেশ কৰা ১০০০০ বিহু নৃত্যশিল্পী (৩০০০ ধুলীয়া, পেপুৱা আৰু তালিয়া আৰু ৭০০০”ৰ নাচনী) এ ২০২৩ চনৰ ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত সমন্বিতভাৱে একেলগে অনুষ্ঠান পৰিৱেশন কৰিব, যাৰ ফলত বিশ্ব অভিলেখ গঢ়িব আৰু ৰঙালী বিহু ২০২৩ উদযাপনত আৰু অধিক ৰং সংযোজন কৰিব”।

ইয়াৰ পূৰ্বে ৩০ জানুৱাৰীত ৰাজ্যিক মন্ত্ৰীসভাই ঘোষণা কৰিছিল যে চৰকাৰে ৰাজ্যিক উৎসৱ ‘বিহু’ক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত প্ৰৱেশৰ চিন্তা-চৰ্চা কৰিছে।

সমগ্র প্রস্তুতিৰ বাবে এখন সৰু কেবিনেট কমিটী গঠন কৰা হৈছে য’ত ৰাজ্যিক মন্ত্রী বিমল বৰা, ৰানোজ পেগু, কেশব মহন্ত, আৰু জয়ন্ত মল্ল বৰুৱাক চাৰিজনীয়া এখন কমিটী গঠন কৰা হৈছে৷

Leave A Reply