Breaking

ভাৰতৰ বাঘ সংৰক্ষণৰ পদক্ষেপক বিশ্বৰ ১৬ খন দেশৰ সমৰ্থন, মোদীৰ আহ্বানৰ প্ৰতি বিশ্বৰ সঁহাৰি…

0 24

ভাৰতৰ বাঘ জগত বিখ্যাত। বিগ কেট নামেৰে পৰিচিত বিড়াল প্ৰজাতিৰ বাঘৰ সংৰক্ষণৰ বাবে ভাৰততে নানান পদক্ষেপ গ্ৰহণ কৰিছ। সেই ১৬ খন ৰাষ্ট্ৰ হৈছে আৰ্মেনিয়া, বাংলাদেশ, ভূটান, ব্ৰাজিল, কম্বোডিয়া, ইজিপ্ত, ইথিওপিয়া, ইকুৱেডৰ, কেনিয়া, মালয়েছিয়া, মঙ্গোলিয়া, নেপাল, নাইজেৰিয়া আৰু পেৰু।পৰিৱেশ মন্ত্ৰালয়ৰে প্ৰকাশ কৰা মতে ষোল্লখন দেশে মিত্ৰজোঁটৰ সদস্য হিচাপে আন্তৰ্জাতিক বিগ কেট এলায়েন্স (আইবিচিএ)ত যোগদান কৰিবলৈ সন্মতি প্ৰদান কৰিছে। চুইজাৰলেণ্ডৰ আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘ (আইইউচিএন); কিৰগিজস্তানৰ পৰা বিজ্ঞান আৰু সংৰক্ষণ আন্তৰ্জাতিক স্নো লিঅ’পাৰ্ড ট্ৰাষ্ট; ৰাছিয়াৰ আমুৰ টাইগাৰ চেণ্টাৰত নটা অংশীদাৰ সংগঠনো এই সমৰ্থনৰ সৈতে অন্তৰ্ভুক্ত আছে।

এনে দেশসমনূহে আইবিচিএত অংশীদাৰ সংগঠন হিচাপে যোগদান কৰিবলৈ সন্মত হৈছে। উল্লেখ্য ২০১৯ চনত গোলকীয় বাঘ দিৱসত তেওঁৰ ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে এছিয়াত বাঘৰ চোৰাং চিকাৰ ৰোধ কৰিবলৈ বিশ্বৰ নেতাসকলৰ মিত্ৰতাৰ আহ্বান জনাইছিল।তেওঁ ২০২৩ চনৰ ৯ এপ্ৰিলত ভাৰতৰ প্ৰকল্প টাইগাৰৰ ৫০ বছৰীয়া স্মৰণীয় অনুষ্ঠানত এই কথা পুনৰ দোহাৰিছে। মোদীৰ আহ্বানৰ পিছতেই বিশ্বৰ ১৬ খন দেশে বাঘৰ সংৰক্ষণৰ বাবে আগুৱাই আহিছে। বাঘৰ সংৰক্ষণকলৈ বিশ্বব্যাপী উদ্বেগ বৃদ্ধি পাইছে, চোৰাং চিকাৰ আৰু বাঘৰ বাসস্থান ধ্বংস অব্যাহত আছে, যাৰ ফলত বিশ্বজুৰি ডাঙৰ বাঘৰ সংখ্যা বিপদাপন্ন হৈছে। বাঘৰ বাসস্থানবোৰ সংৰক্ষণ কৰিলে কেৱল পৰিৱেশ তন্ত্ৰসেৱাই সুৰক্ষিত নহয়, লগতে জলবায়ুৰ সুৰক্ষাতো ই কাম কৰিব।

Leave A Reply