Breaking

ঐতিহাসিক ফুলগুৰি ধেৱাৰ ১৬০বছৰ

0 2,710

ইংৰাজ চৰকাৰৰ অত্যাধিক কৰ নীতিৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিৱলৈ সংগঠিত হোৱা কৃষক সকলক গুলীয়াই কলঙৰ পানী ৰাঙলী কৰা ১৮৬১ চনৰ ১৮ অক্টোৱৰত নগাঁও জিলাৰ ফুলগুৰিত ৫৪ জনৰো অধিক কৃষকে প্ৰাণ আহুতি দিয়া ইতিহাস প্ৰসিদ্ধ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱাই চাওঁতে চাওঁতে আজি ১৬০ বছৰত ভৰি দিলে ৷ বুৰঞ্জীৰ পাট লুটিয়ালে দেখা যায় অতীতৰেপৰা বৰ্তমানলৈকে বিভিন্ন গণবিদ্ৰোহ, গণ- আন্দোলন আৰু গণ- বিপ্লৱত নগঞা ৰাইজে অংশগ্ৰহণ কৰি নিজৰ সংগ্ৰামী মনৰ পৰিচয় দি আহিছে তাহানিৰে পৰা ৷ এই ক্ষেত্ৰত কৃষক তথা শ্ৰমজীৱি সাধাৰণ জনতাৰ ভুমিকা উল্লেখ যোগ্য আছিল ৷ শাসকীয় ইংৰাজ চৰকাৰৰ শোষণ- শাসন, নিস্পেষণৰ বিৰুদ্ধে ১৮ অক্টোবৰ ১৮৬১ চনত এনে এক জংগী কৃষক বিদ্ৰোহ হৈছিল মধ্য অসমৰ নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰি অঞ্চলত ৷ সেই বিদ্ৰোহ ফুলগুৰি ধেৱা নামেৰে খ্যাত। ইংৰাজৰ চিপাহীবোৰে তেতিয়া বিদ্ৰোহক ধাৱা বুলি অভিহিত কৰিছিল আৰু সেই ধাৱা শব্দই আন এক ৰূপ লৈ প্ৰচলিত হ’ল ধেৱা ৰূপে। উপযুক্ত নেতৃত্ব অবিহনেই জিলাখনৰ বিভিন্ন অঞ্চলৰপৰা কৃষকসকল স্বতঃস্ফুৰ্তভাৱে উলাই আহি সংঘটিত কৰিছিল এই কৃষক বিদ্ৰোহ ৷১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত বৃটিছ চৰকাৰৰ ধনৰ ভঁড়াল টনকিয়াল কৰাৰ প্ৰয়োজন হোৱাত ১৮৫০ চনৰ জেমচ্ উইলচনৰ উপদেশ মতে লগোৱা আয়কৰ সমগ্ৰ অসমৰ লগতে নগাঁওতো বলৱৎ কৰা হ’ল। সাধাৰণ কৃষকে কৰকাটলৰ হেঁচাত মূৰ দাঙিব নোৱাৰা অৱস্থাত ১৮৫৮ চনত গোচৰ আদিৰ সংখ্যা কম কৰাৰ অজুহাতত আদালতৰ নিষেধাজ্ঞা উলংঘন কৰি নগাঁৱতো ষ্টাম্প ডিউটী লগালে। কামৰূপ, দৰং আৰু নগাঁওৰ সদৰত আবকাৰী কৰ লগালে। কৰ উঠাওতে কৰতকৈ অধিক খৰচ হ’ব বুল্ জনজাতীয় এলেকা ইয়াৰপৰা বাদ পৰিল।  নদী- বিলত মাছ মাৰিবলৈ নিৰ্দিষ্ট মহল কৰি সৰ্বোচ্ছ ডাক দিয়াজনৰ লগতে বন্দোৱস্তী দি জলকৰ লোৱাৰ ব্যৱস্থা কৰিলে। কঠৰ ওপৰত গড়মাটি কৰ, ইকৰা খাগৰিৰ ওপৰত বনকৰ আৰু চৰণীয়া পথাৰৰ বাবে খুচাৰীকৰ ধাৰ্য্য কৰে। হাট- ঘাটত অধিক ডাকত বিক্ৰি কৰাৰ বাবে জমা স্থিৰ কৰে। ফলস্বৰূপে এনেয়ে ভাগি পৰা কৃষকৰ আৰ্থিক অৱস্থাত নতুন হেঁচা পৰে। বাৰী- চাপৰি মাটিত সৰহকৈ আফুখেতি কৰাত তাৰ ৰসেৰে কানি তৈয়াৰ কৰিবলৈ লোৱাত খাজনা সংগ্ৰহৰ পৰিমাণ কমিছে বুলি ১৮৫১-৫২ চনত চৰকাৰে নিজে আৱকাৰী কানি বেচা প্ৰথা অৱলম্বন কৰে। তেওঁলোকে ভাবিছিল মানুহে সৰহ পইচা দি কানি কিনিব লগা হ’লে কানি খোৱাটো কমাব। অভ্যস্ত কানিয়াই  যিমানেই দাম হওক কানি কিনিব বুলি আৰু পইচাৰ বাবে চাহবাগানত কাম কৰিব বুলি চাহ খেতিয়কে ধৰি লৈছিল। কানিয়াক আবকাৰী কানিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হবলৈ ১৮৬১ চনত আফু খেতি কৰাটো বন্ধ কৰে। সৰহ দামত কানি কিনিব নোৱাৰি কৃষক, বিশেষকৈ জনজাতীয় এলেকাৰ মানুহ অতিকৈ বিতুষ্ট হয়। ( বেণুধৰ কলিতাই তেওঁৰ “ফুলগুৰি ধেৱা” নামৰ গ্ৰন্থখনত এনেদৰে লিখিছে- “ৰাইজে যেতিয়া দেখিলে যে জনসাধাৰণৰ উপকাৰৰ অৰ্থে চৰকাৰে কানি তুলিবলৈ ইচ্ছা কৰা নাই। কৰিছিল একমাত্ৰ কানি খেতি অসমীয়াৰ হাতৰপৰা নি চৰকাৰীভাৱে কৰি বেছি দামত বিক্ৰী কৰি সস্তীয়া দৰত বিলাতী চাহ বাগিচাত অসমীয়া কুলিৰ সৃষ্টি কৰাটোহে, তেতিয়া ৰাইজ জকি উঠিছিল।”)বিভিন্ন কাৰণত জুৰুলা নগঞা সংগ্ৰামী জনতাৰ মাজত এটা প্ৰচাৰ হ’ল যে চৰকাৰে ঘৰ, বাৰী আৰু পামৰ খেতিৰ ওপৰতো কৰ লগাব খুজিছে। এনে সময়ত লাইচেঞ্চ টেক্স আৰোপ কৰাত চৰকাৰে অসত্য বুলি প্ৰচাৰ কৰাটো ৰাইজে ধৰি ল’লে পাণ তামোলৰ ওপৰতো কৰ লগাব। উত্তপ্ত ৰাইজে নতুন কৰ আৰু আফু খেতি বন্ধ কৰা বিৰুদ্ধে ৰাইজ মেল পাতিলে। ১৮৬১ চনৰ চনৰ চেপ্তেম্বৰৰ ৭ তাৰিখে এহাজাৰ কৃষকে কৰ বৃদ্ধিৰ ফলত হোৱা দুখ- দুৰ্গতিৰ কথা জনাবলৈ নগাঁও সদৰত উপস্থিত হ’ল। চি. চি. হাৰবাৰ্ট স্বনচৰ কক্ষত সোমাই গ’ল। তেওঁ আন কামত ব্যস্ত থকাত ৰাইজৰ সমস্যা সম্পৰ্কে শুনি বুজনি দিয়াৰ পৰিবৰ্তে উশৃংখল অৱস্থাৰ সৃষ্টি কৰা বুলি মিছা অভিযোগত তেওঁলোকক জৰিমনা কৰাৰ লগতে থানাত আৱদ্ধ কৰে। কৃষক ৰাইজে ইংৰাজ চাহাবৰ অভদ্ৰাচৰণ আৰু দুব্যৱহাৰত বৰকৈ ক্ষুণ্ণ হয়। কোনোবা প্ৰভাৱশালী মানুহৰ হস্তক্ষেপত তেওঁলোকক গধুলালৈ মুকলি কৰি দিয়ে, তাত যেনিবা অন্য কোনো অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি হবলৈ নাপালে। পুনৰ ৯ অক্টোবৰৰ দিনা গাঁওবুঢ়া আৰু মুখীয়াল কৃষকে আফুখেতি বন্ধ কৰাৰ প্ৰতিবাদত আৰু বাৰী আৰু পাণৰ ওপৰত লগোৱা সাম্ভাৱ্য কৰৰ বিৰোধিতা কৰি নিয়মমতে প্ৰতিবাদ জনায়। কৃষকে তাৰ একো ফল নোপোৱাত তেওঁলোক পুনৰ কাছাৰীলৈ গৈ প্ৰতিবাদ কৰাৰ কথা বাদ দিয়ে। তেওঁলোকে কৰ পৰিশোধ নকৰাৰ সিন্ধান্ত কৰে আৰু চৰকাৰৰ কাণত দুখ-দুৰ্গতিৰ কথা সিমুৱাবৰ নতুন উপায় চিন্তা কৰে। শেষত এই বিষয়ত আলোচনা কৰিবলৈ পোন্ধৰৰ অক্টোবৰৰ পৰা একেলেঠাৰীয়ে পাঁচদিন জুৰি মেল পাতিবলৈ আৰু প্ৰতিটো চুকে কোণে থকা মানুহ জাতে সবালৈ আহে আৰু তাৰ ব্যৱস্থা ল’বলৈ সিদ্ধান্ত কৰে। ডেপুটি কমিচনাৰে চোৰাংচোৱাৰ মুখে সকলো জানি চৌধ অক্টোবৰত এজন দাৰোগা পঠাই সভাস্থলিত গোটখোৱা মানুহবোৰ আতৰাই পঠাবলৈ আৰু মুখীয়াল কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। পোন্ধৰ অক্টোবৰৰ দিনা পুলিচে মানুহবোৰক আতৰি যাবলৈ কোৱাত তেওঁলোকক অকনো গুৰুত্ব নিদি তেওঁলোকৰ হুকুম অমান্য কৰে কাৰণ তেওঁলোকে সমুহীয়া স্বাৰ্থৰ কথা আলোচনা কৰিবলৈহে তাত গোট খাইছে। সৰহীয়া মানুহৰ সভা, তাৰে কিছুমানে লাঠীলৈ সু- সজ্জিত হৈ থকাত পুলিচ আতৰি গৈ ডেপুটি কমিচনাৰক সকলো জনালেগৈ। ১৫ অক্টোবৰৰ শেষ নিশা নগাঁও থানাৰ দাৰোগা হলধৰ বৰুৱা এজন মহৰী, জামাদাৰ আৰু ১০ টা বৰকান্দাজ লৈ ১৬ অক্টোবৰ তাৰিখে পুৱা ফুলগুৰি পায়। তাত জন সমুদ্ৰক আতৰাই পঠোৱাত বিফল হয়। সেই দিনাই সন্ধিয়া চাৰিটা বৰকান্দাজ আৰু পল্টনীয়া সেনা লৈ কীৰ্ত্তিকান্ত মহৰী ফুলগুৰিত উপস্থিত হয় । ১৭ অক্টোবৰ তাৰিখে আগবেলা ১০ বজাত মানুহবোৰ আকৌ তাত সমবেত হবলৈ ধৰিলে। সেইদিনা বিয়লি ২ বজাত প্ৰায় চাৰি হেজাৰ মান মানুহ গোট খালে। তাৰে প্ৰায় ৫০০- ৬০০ মানুহৰ হাতত লাঠি-জোং ইত্যাদি আছিল। ১৮৬১ চনৰ ২৯ নবেম্বৰত হাবাৰ্ট স্কঞ্চে দাৰোগা হলধৰ বৰুৱাৰ প্ৰতিবেদন কমিচনাৰলৈ পঠিয়াইছিল। দাৰোগাই কেইজনমানক দৰিছিল যদিও মানুহে সেইবলাকক মুক্ত কৰি নিয়ে। লেফটেনেন্ট স্কনচ চাহেবে ১৮ অক্টোবৰ তাৰিখে নিজে ফুলগুৰিত থাকিব বুলি খবৰ দিয়ে। পিছত তেও নিজে নাহিল। ১৮ অক্টোবৰৰ দিনা এচিষ্টেন্ট কমিচনাৰ লেফটেন্ট চিংগাৰ এটা টাটু ঘোৰাত উঠি জেইল ডাৰোগা আৰু এদল পুলিচৰ সৈতে ১০ বাজি ২ মিনিটত ফুলগুৰি ওলালহি। ২ বজাত লাঠি- জাঠি লৈ বহুত মানুহ আহিছিল। তেওঁলোকে ধনুকাড়ো আনিছিল। ফুলগুৰি নামঘৰটোৰপৰা কেইশগজমান দূৰত থকা মানুহৰ জুমটোৰ ওচৰলৈ হৰনাথ বৰুৱা ডাৰোগা, জেইল দাৰোগা, মহৰী, ৪ টা চিপাহী, যাঠীৰ সৈতে ১১ টা বাৰাকান্দাজ সহ চিংগাৰ যায়। চিংগাৰে গৈ কলং নৈৰ পাৰৰ তিনিজোপা ডাঙৰ আহত গছৰ তলত আহল-বহল মুকলি ঠাইত তিনিজুমহৈ অতি কমেও প্ৰায় ৩,০০০ মানুহৰ সমাবেশ হোবা দেখা পায়। প্ৰায়বোৰ মানুহৰ মুৰত পাগুৰি আৰু লাঠী-জোংৰে সু-সজ্জিত, কিছুমানৰ হাতত যাঠী আৰু ধনুকাড় আছে। কেইজনমান নেতাৰ লগত আলোচনা কৰি চিংগাৰে লাঠিবোৰ জমাদি ঘটনাস্থলৰপৰা আঁতৰি যাবলৈ হুকুম কৰে। কিছুমানে তাৎক্ষণাত হুকুম মান্য কৰিলে, বেছিভাগে কৰ্ণপাত নকৰিলে। কম বয়সীয়া অনভিজ্ঞ বিষয়াজনে জোৰকৈ প্ৰজাক নিৰস্ত কৰিবলৈ পুলিচক হুকুম কৰাৰ লগতে নিজেও গাৰ জোৰেৰে বিদ্ৰোহীসকলক নিৰস্ত্ৰ কৰিবলৈ লাগি যায়। সেই কথাত মানুহবোৰ খঙত জ্বলি উঠিল আৰু বহাৰ পৰা থিয় হ’ল। এটা বিৰাট হুলস্থুলীয়া পৰিবশৰ সৃষ্টি হ’ল। চাৰিওফালে ধৰধৰ মাৰমাৰ ধ্বনি হ’ল। চিংগাৰৰ হুকুমত দাৰোগাই ২ জন মানুহক বান্ধি আটক কৰিলে। এজনে আহি হঠাতে চিপাহী এজনক লাঠীৰে মাৰ মাৰি দিলে। পোনপ্ৰথমে মাৰটো সোধোৱা মানুহটো আছিল মৈৰাচিং। চিংগাৰে নিজেই মৈৰাচিং নামৰ লোকজনৰ লাঠীদাল জব্দ কৰিবলৈ টনা-আজোৰা কৰিলে আৰু লাঠীডাল কাঢ়ি আনিলে। দাৰোগাই গ্ৰেপ্তাৰ কৰা মানুহ দুজনে লগৰ মামুহবোৰক চিঞৰি চিঞৰি তেওঁলোকক অকলশৰীয়া কৰি এৰি থৈ যাবগৈ নেকি বুলি সুধিবলৈহে পালে, বচিগপুৰ মৌজাৰ (প্ৰকৃততে হাতীগড় মৌজাৰ) বাহু কৈবৰ্ত্তই মূৰত মাৰ মাৰি একেকোবতে চিংগাৰক ধৰাসায়ী কৰিলে। ইয়াৰ লগতে আৰু তিনিজন চিপাহী নিহত হ’ল। ৰাইজৰ জুমৰ মাজলৈ চিপাহীয়ে গুলিয়ালে যদিও জংগী লোকসকলৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি চিপাহীবোৰ পলাই যাবলৈ বাধ্য হ’ল। হত্যা সক্ৰান্তে পুলিচ- মহৰীয়ে চিনাক্ত কৰা লোকসকল হ’ল ৰাহু কৈৱৰ্ত্ত, কাতি লালুং, থম্বা লালুং, জবালালুং কাটিয়া লালুং, মহিকোঁচ আৰু কলি ডেকা। (সদৰ থানাৰ দাৰোগা হলধৰ বৰুৱাৰ ১৮ অক্টোবৰ ১৮৬১ ৰ জৱানবন্দী, ফুলগুৰিত শিৱিৰ পাতি থাকোতে হাবাৰ্ট স্কঞ্চে ২৯ নবেম্বৰত কমিচনাৰলৈ পঠাইছিল।) অনাদৰ মহৰীৰ জৱানবন্দীয়ে হৰনাথ বৰুৱাৰ জৱানবন্দী ডাঠকৈ সাৱ্যস্ত কৰিছে। “চিংগাৰৰ শটো কলংনদীত উটুৱাই দিলে। তিনিজন চিপাহী হতাহত হ’ল। চিপাহী বিদ্ৰোহৰ আগৰেপৰা প্ৰশিক্ষণ লৈ থকা অথচ পিছত ঘৰা- ঘৰি যোৱা মেলত উপস্থিত থকা সৈন্যবোৰৰ কিছুমানে কলঙৰ দুয়োপাৰে সশস্ত্ৰে সদৰৰ খাৰঘৰ দখল কৰিবলৈ হৈচৈকে যাত্ৰা আৰম্ভ কৰে। এটা দলে ৰহা থানা দখল কৰি দাৰোগা গোলাপ সিঙকো আধামৰা কৰি কলঙত উটুৱাই দিয়ে। শেনচোৱাৰ আগত ডিমৌ বিলৰ কাষত চিংগাৰৰ সাহাৰ্য্যে যোৱা চিপাহীৰ লগত এটা দলৰ মুখামুখি হয় আৰু খণ্ডযুদ্ধত ববৰা আটিৰ চোৱাৰৰ লালুং চিপাহীৰ গুলিৰ আঘাতত মৃত্যু হয়।

কৰঙৰ দক্ষিণপাৰে যোৱা দলটোৰ ঘাঁহি গাঁৱৰ ওচৰত মুখামুখি হয়। সেই ঠাইত দুয়ো পক্ষৰ এঘাৰজন লোকৰ মৃত্যু হয়। এজন হাবিলদাৰৰ নেতৃত্বত এটা পুলিচবাহিনী ফুলগুৰিলৈ পঠায়। অসম লাইট ইনফেনট্ৰিৰ ২৫ টা চিপাহীৰে ডেপুটী কমিচনাৰে ট্ৰেজাৰী লুট আৰু সদৰ জ্বলাই দিব বুলি হাবাৰ্ট স্কঞ্চে) কিবা কৰাত নিৰুপায় হৈ দৰঙৰ ডেপুটী কমিচনাৰ ডব্লিউ ফেয়াৰৰপৰা সিদিনাই সৈন্যবল বিচাৰি পঠালে। লক্ষ্ণৌ নামৰ জাহাজত গুৱাহাটীৰপৰা ডিব্ৰুগড় অভিমুখে আহি থকা তদানীন্তন কমিচনাৰ হেনৰী হপকিঞ্চৰ ১৯ অক্টোবৰৰ দিনা বেলি ডুবাৰ সময়ত তেজপুৰ পায়। লেঃ ফেয়াৰে সৈন্যবলৰ প্ৰয়োজনীয়তাৰ কথা জনায়। লক্ষ্ণৌ জাহাজৰ সহযাত্ৰী চেকেণ্ড আছাম ইনফেন্টীৰ ভাৰপ্ৰাপ্ত কামাণ্ডাৰ মেজৰ কেম্পবেলক তেজপুৰৰ পৰা ৫০ জন মান সৈন্য লৈ লাওখোৱা ঘাটেৰে নগাওঁলৈ যাবলৈ ব্যৱস্থা কৰি দিয়ে আৰু হপকিঞ্চে নিজে গুৱাহাটীলৈ অধিক সৈন্যৰ বাবে যাত্ৰা কৰে। ২০ অক্টোবৰত কেম্পবেলৰ সৈন্যবাহিনী ফুলগুৰি পায়। কেপ্তেইন চেম্বেৰছে চেকেণ্ড আছাম লাইট ইনফেন্ট্ৰীৰ প্ৰায় ৮০ জন সৈন্য লৈ ২০ তাৰিখে তেজপুৰ পায় আৰু ২৩ অক্টোবৰত তেওঁলোকৰ লগত নিজে আহি নগাঁও পায়হি। ১৯ অক্টোবৰত ফুলগুৰিত বিদ্ৰোহীয়ে ধনুকাড় যাঠী কঢ়িয়াই লৈ পুলিচৰ মুখামুখি হ’ল। ২০ অক্টোবৰত কেম্পবেলৰ সৈন্যবাহিনীৰ হাতত বহুতো বিদ্ৰোহীৰ মৃত্যু হ’ল, বহুতো চিৰকাললৈ ঘূণীয়া হ’ল। ২৩ অক্টোবৰৰ দিনা গুৱাহাটীৰপৰা অহা চেকেণ্ড আসাম লাইট ইনফেনট্ৰিৰে বলবান হৈ ডেপুটী কমিচনাৰ স্কনচে ফুলগুৰি, নেলি, কচুহাট, ৰহা আৰু অন্যান্য ঠাই ভ্ৰমণ কৰে। লালুং ৰজা সমূহৰ ল’ৰাহঁতক চিংগাৰৰ হত্যাত জড়িত কৰি তেওঁলোককে ধৰি ৪১ জন লোকক গ্ৰেপ্তাৰ কৰে। ফুলগুৰিত সৈন্য শিবিৰ পাতি প্ৰজাৰ ওপৰত নানান অত্যাচাৰ কৰে। ৩৯ জন মানুহক নৃশংসভাৱে হত্যা কৰে। আঘাতপ্ৰাপ্ত ১৫ জন বিনা চিকিত্সাত মৃত্যু হয়। ইফালে আকৌ শবোৰ আতৰোৱাৰ কোনো ব্যৱস্থা নকৰাত শবোৰ গেলি পচি যোৱাতহে পৰিয়াল বৰ্গ পৰিয়াল নিবলৈ দিছিল। চিনাক্ত হ’লে অত্যাচাৰী ইংৰাজৰ হাতত গৃহস্থৰ অপকাৰ হবৰ আশংকা কৰি আত্মীয় স্বজনে শবোৰ লুকাই চুৰকৈ নি কলঙৰ দক্ষিণ পাৰৰ, ফুলগুৰিৰ পৰা এমাইল দূৰত হাবিৰ মাজত থকা বিলখনৰ কাষত সমূহীয়ৈকৈ সত্কাৰ কৰিছিল। আজিও সেই বিলখনৰ নাম মানুহ পোৰা বিল নামেৰে জনাজাত। ইয়াৰ পাছতো লাইট ইনফেনট্ৰিৰ চিপাহীয়ে ফুলগুৰিত ৬ মাহলৈ চাউনী পাতি অঞ্চলটোত পহৰী দিয়াৰ নামত নিদাৰুন অত্যাচাক চলাইছিল। তিৰুতা মানুহো সিহঁতৰ পাশৱিক অত্যাচাৰপৰা সাৰি যোৱা নাছিল। সিফালে বাৰাকান্দাজ চিপাহীবোৰৰ ভৰণ পোষণৰ বাবে ফুলগুৰি আৰু ৰহা অঞ্চলৰ মানুহক ৰচদ পাতিৰ যোগান ধৰিবলৈ বাধ্য কৰিছিল।ডেপুটী কমিচনাৰে বিনাজুৰিৰে বিচাৰ পাতি নগাঁও সদৰ জেলত (বৃটিছ চৰকাৰে) নামমাত্ৰ বিচাৰ পাতি অনাদৰ পুলিচ মহৰী আৰু হলধৰ বৰুৱাৰ জৱানবন্দী আৰু জেইল দাৰোগা, সদৰ থানাৰ কেৰাণী- জমাদাৰ (হলধৰ বৰুৱাৰ লগত অহা), কীৰ্তিনাথ মহৰী আদিৰ জৱানবন্দীৰ ওপৰত ভিত্তি কৰি কটহগুৰী গাঁৱৰ লক্ষণ চিং ডেকা, টোপাকুচিৰ ৰংবৰ ডেকা, ঔগুৰিৰ চাংবৰ লালুঙক নগাঁও জেইলতে ফাঁচি দিয়ে। তাৰোপৰি ৰুপচিং লালুং, চিবচিং লালুং, নৰচিং লালুং,কটঁহগুৰিৰ হেবেৰা লালুং, দেউৱালিৰ বাহু কৈবৰ্ত্ত আৰু বনমালী কৈবৰ্ত্ত এই ৬ জনক যাৱজ্জীৱন-জীপান্তকৰী কৰি কলিয়া-পানীলৈ পঠালে।

এই হুকুমৰ বিৰূদ্ধে কলিকতাৰ সদৰ জৰ্জ আদালতত আপিল হৈছিল। কাটিং লালুং, অম্বালালুং, জব লালুং, কটীয়া লালুং, মহিকোচ আৰু কলী ডেকা প্ৰভৃতি ৩১ জন মানুহক ১ বছৰৰ পৰা ১০ বছৰ পৰ্য্যন্ত সশ্ৰম কাৰাদণ্ড বিহা হয়। পূৰ্ব উল্লেখিত পাঁচোৰজা আৰু সাতো ৰজা সকলৰ সকলো চৰকাৰী পদ ও সুবিধা ৰহিত কৰে। ৰহীয়াল বৰুৱা, জাগীয়াল গোসাঁই প্ৰমুখ্যে সভ্ৰান্ত লোক সকলক কছাৰীলৈ আনি লটি ঘটি কৰে। কেইবাজনো মৌজাদাৰৰ মৌজা কাঢ়ি লয় আৰু কেবাজনো চাকৰিয়ালক কামৰপৰা অব্যাহতি দিয়ে ৷ বিচাৰৰ লগতে ছমাহ ধৰি ফুলগুৰিত চাউনী পাতি থকা চিপাহীবোৰৰ অমানুষিক অত্যাচাৰ উৎপীড়ণত বিদ্ৰোহৰ জুইকুৰা একেবাৰে নিৰ্বাপিত কৰি পেলালে। পিয়লি ফুকন, মণিৰাম দেৱানৰ কৰুণ স্মৃতিক লৈ গোৱা গীতবোৰৰ দৰে ফুলগুৰি ধেৱাৰ বেদনাদায়ক স্মৃতিক লৈয়ো অঞ্চলটোৰ মানুহৰ মুখে মুখে কিছুমান গীত প্ৰচলিত হৈছিল।যেনে- অ’ আইটী/ অ’ আইটী তিনিজোপা আহতৰ তলতে, অ’ আইটী ধেৱাখন লাগিলে…। ৰূপচিং- চিৰচিং- বাহু- বনমালী…”। এতিয়া এই গীতবোৰ শুনিবলৈ পোৱা নাযায়। জীৱনৰ প্ৰত্যাহিকতাত মানুহে ফুলগুৰি ধেৱাৰ কথা পাহৰি যোৱাৰ লগে লগে তাৰ স্মৃতিত মুখে মুখে ৰচিত বেদনাদায়ক গীতবোৰো পাহৰণিৰ গৰ্ভত বিলীণ হ’ল। নগাঁও জিলাৰ সংগ্ৰামী ৰাইজ তথা ফুলগুৰিয়া ৰাইজৰ বাবে ১৮ অক্টোবৰ তাৰিখটো এতিয়া ৰৈ গ’ল মাথো স্মৃতি দিৱস হিছাপেহে ৷ মাত্ৰ সেই দিনটোত এইসকল বিদ্ৰোহী কৃষকৰ নামত কেইগচিমান চাকিবন্তি জলাইয়ে যেন স্মৃতি ৰোমণ্ঠন কৰাৰ বাহিৰে আন একোয়েই উল্লেখযোগ্য কাম কৰিব নোবাৰিলে স্বাধীনতাৰ আজি ৭৫ বছৰ পাছতো ফুলগুৰিৰ ঐতিহাসিক এই কৃষক বিদ্ৰোহৰ চিৰযুগমীয়া কৃৃৃৃতী স্বৰূপে উক্ত ঠাইত চৰকাৰী ব্যৱস্থাত আজিলৈকে কোনো উল্লেখযোগ্য স্মৃতি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল ৷ 

Leave A Reply