ওদালগুৰি জিলা কৰ্মচাৰী পৰিষদৰ ১৬ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন

ওদালগুৰি জিলা কৰ্মচাৰী পৰিষদৰ ১৬ সংখ্যক দ্বি বাৰ্ষিক সাধাৰণ সভা আৰু মুকলি সভা খনি ৮ অক্টোবৰত  ওদালগুৰি জিলাৰ সমবায় সমূহৰ জিলা উপ পঞ্জীয়কৰ কাৰ্যালয়,সাপেখাইতিত  জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি শান্তি ৰাম শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়।সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰদীপ দত্তই উদ্বোধন কৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে  উপস্থিত থাকি সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ চন্দ্ৰ কলিতাই কয়- চৰকাৰে গ্ৰহণ কৰা সকলো ধৰণৰ সংস্কাৰ মুখী কাৰ্যক সমৰ্থন কৰি আহিছো।আমি সদায় দূৰ্ণীতি বিৰোধী।সেইবাবে যিসকল বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে শাস্তি মূলক ব্যৱস্থা গ্ৰ্হন কৰিছে কৰ্মচাৰী পৰিষদে মাত মতা নাই।ইপিনে দালালৰাজৰ চত্ৰছায়াত আছে ৰাজনৈতিক চক্ৰ আছে এচাম  বিষয়া কৰ্মচাৰী।সেয়ে এই ক্ষেত্ৰত চৰকাৰ কঠোৰ হ’ব লাগে।আমি সততাৰে কাম কৰি যোৱাৰ পক্ষপাতি।সুস্থ মানসিকতাৰে শিক্ষক কৰ্মচাৰীক কৰ্মসংস্কৃতিৰে আগবঢ়াই নিবলৈ চৰকাৰৰ লাগিব সদিচ্ছা।আন্দোলনৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে আন্দোলন নকৰে কিন্তু কৰ্মচাৰীৰ ন্যায় প্ৰাপ্তিৰ বাবে আন্দোলন চলাই যাব।২০১১ চনতে সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰ্মচাৰী সকলৰ বিনামূলীয়া স্বাস্থ্য বিধি আঁচনিৰ দাবী কাৰ্যকৰী কৰিব বুলি নকৰিলে।এয়া দূৰ্ভাগ্যজনক কথা। শিক্ষক সকল সমাজৰ অভিভাৱকৰ দৰে।তেওঁলোকৰ প্ৰধান দায়িত্ব শিক্ষাদান কৰা।কিন্তু এতিয়া শিক্ষকসকলক হুৱাইট এপৰ জৰিয়তে উপস্থিতিৰ যি নিৰ্দেশনা দিয়ে। এয়া কেতিয়াও কামনা নকৰোঁ আৰু গ্ৰাম্যঞ্চলত এয়া কেতিয়াও সম্ভৱ নহয় বুলি কলিতাই লগতে উল্লেখ কৰে।ওদালগুৰি জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক বসন্ত বৰা আৰু আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক বিবেক দাসে আঁতধৰা উক্ত সভাত  কমল উপাধ্যায়,সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান শ্যামন্ত দাস,উপ-সভাপতি দ্বিপেন শৰ্মা,সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ আয়ুব আলি আহমেদ,উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুষ্পধৰ বাসতোলা,সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক দণ্ডী কুমাৰ বড়োকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত আছিল।ইপিনে পুৱা পতাকা উত্তোলন কৰে জিলাৰ সভাপতি শান্তি ৰাম শৰ্মাই আৰু স্মৃতি তৰ্পণ কৰে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দণ্ডীৰাম বড়োই।দিনৰ ১০ বজাত জিলা প্ৰতিনিধি সভা উদ্বোধন কৰে সমবায় সমিতি সমূহৰ জিলা উপ পঞ্জীয়ক ৰাজদ্বীপ নাথে।

Related Articles