Breaking

বন্ধ হ’ল ৰাজ্যৰ ১৭১৪ খন প্ৰাথমিক বিদ্যালয়! ক’ত কেইখন বন্ধ হ’ল বিদ্যালয়…

0 652

চৰকাৰৰ সিদ্ধান্ত মৰ্মে তলা উলমিল ১৭১৪ খন প্ৰাথমিক বিদ্যালয়ত। সেইমৰ্মে সৰ্বাধিক যোৰহাটত ১৮২ খন বিদ্যালয়ত উলমিল তলা। একেদৰে বৰপেটাৰ ৬২ খন, বঙাইগাঁৱত ৬৮ খন, কাছাৰত ১২৯ খন, দৰঙত ৬৪ খন, ডিব্ৰুগড়ত ৬০ খন, ধেমাজিৰ ৮৫খন, ধুবুৰীত ৫৬ খন, গোলাঘাটত ৪৫খন, গোৱালপাৰাত ৮৯ খন, হাইলাকান্দিৰ ৫৯খন, কামৰূপ মহানগৰত ৯৪খন।

তিনিচুকীয়াত ৫০ খন, শিৱসাগৰত ১৩৬খন, নলবাৰীৰ ১৩৪ খন, নগাঁৱৰ ৯০ খন, শোণিতপুৰৰ ১০৫ খন, মৰিগাঁৱৰ ১৪৮ খন আৰু কৰিমগঞ্জৰ ৪৯ খন প্ৰাথমিক বিদ্যালয়ত চিৰদিনৰ বাবে উলমিল তলা। চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে।

Leave A Reply