Breaking

মাজবাটত ১৭২ কেজি ভাং জব্দ

0 66

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে বুধবাৰে নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমৰ্থ হয়।

জানিব পৰামতে নিশা মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে আৰু লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গোপন সুত্ৰৰ খবৰৰ ভিত্তিত অসম – অৰুণাচল সীমান্ত এলেকাৰ নিজৰা চেন্টাৰ নিকটবৰ্তী ঘন জংঘলৰ মাজত অভিযান চলাই ১৭২ কেজি ভাং জব্দ কৰিবলৈ সমৰ্থ হয়।

উল্লেখ্য যে উক্ত অঞ্চলত আৰক্ষী প্ৰৱেশৰ উমান পায় ভাং ব্যৱসায়ী সকল আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে।

পিছত মাজবাট আৰক্ষীয়ে ভাংখিনি মাজবাট থানালৈ লৈ আহে আৰু ৫৯/২৩ নম্বৰত কেচ এটা ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

ভাং খিনিৰ আনুমানিক মূল্য ২০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

-যতীন নাথ, মাজবাট

Leave A Reply