Breaking

লাহৰীঘাটত ১৭৫ জনী মহিলাক মান -পত্ৰ প্রদান

0 2,035

আজি মৰিগাঁও জিলাৰ লাহৰীঘাট খন্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ কমিনিউটি হলত দিনৰ ১২ বজাত মৰিগাঁও AHSUS Foundation   ৰ উদ্যোগত প্ৰশিক্ষণ প্ৰাপ্ত সংখ্যালঘু সম্প্রদায়ৰ মহিলা সবলীকৰণৰ মান পত্র প্ৰদান কৰাৰ বাবে এখনি আনুষ্ঠানিক সভা অনুষ্ঠিত হয়।  মুকলি সভাটি সঞ্চালনা কৰে AHSUS foundation ৰ প্রধান সঞ্চালক তথা জিলাৰ জেষ্ঠতম সাংবাদিক উপেন চন্দ্র ডেকাই। গোটেই অনুষ্ঠানটিৰ আঁত ধৰে AHSUS foundation ৰ প্ৰধান সচিব আহাদ উল্লাহ হাজৰিকাই। মূখ্য অতিথি হিচাপে অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক আব্দুল কুদ্দুছ ডাঙৰীয়া উপস্থিত আছিল। অনুষ্ঠানটিত ৭ টা আত্ম সহায়ক গোটৰ ১৭৫ জনী প্ৰশিক্ষণ প্ৰাপ্ত মহিলাক মানপত্র প্ৰদান কৰা হয়। উল্লেখ্য যে বিগত ১২ অক্টোবৰত কাঠনি গাঁও পঞ্চায়তৰ কমিনিউটি হলত ৭ টা আত্ম সহায়ক গোটৰ মহিলা সকলক AHSUS foundation ৰ উদ্যোগত নঈ- ৰশ্মি আঁচনিৰ জৰিয়তে সংখ্যালঘু সম্প্রদায়ৰ মহিলা সকলক মহিলা সবলীকৰণৰ ওপৰত ৬ দিনীয়া প্ৰশিক্ষণ শিবিৰ পাতি প্ৰশিক্ষণ দিয়াইছিল। আজি তাৰেই লগত সংগতি ৰাখি প্ৰশিক্ষণত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা মহিলা সকলকআনুষ্ঠানিক ভাবে প্ৰ পত্র প্ৰদান কৰা হয়। অৱশ্যে মুকলি সভাত মহিলা সবলীকৰণৰ ওপৰত বিশেষ আলোচনাৰ কাৰ্যসূচীও ৰখা হয়। 

Leave A Reply