Breaking

ওদালগুৰি জিলা শাখাৰ সপ্তদশ বাৰ্ষিক আই-মাতৃ-যুৱ সমাৰোহ

0 2,016

উত্তৰ-পূৱ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ- জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামত প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘ ওদালগুৰি জিলা শাখাৰ সপ্তদশ বাৰ্ষিক আই-মাতৃ-যুৱ সমাৰোহ, গুৰু আসন প্ৰতিষ্ঠা দিৱস আৰু ৫৭৩ সংখ্যক গুৰু আৱিৰ্ভাৱ মহোৎসৱটি  ২৭ অক্টোবৰত হৈ যায়  ওৰাঙৰ নিকটবৰ্ত্তী ধনশ্ৰীঘাটস্থিত জিলা শাখাৰ কেন্দ্ৰীয় নামঘৰত দিনজোৰা ভক্তিময় কাৰ্যক্ৰমণিকাৰে আয়োজিত এই অনুষ্ঠানৰ শুভ অনুষ্ঠানটো  ৰাতিপুৱা ৫ বজাত নিৰ্মোহ বৈষ্ণৱ তথা নামঘৰীয়া মেনাৰাম ৰাভাৰ পৰিচালনাত প্ৰাত:প্ৰসংগৰে হৈ যায় ।ইয়াৰ পিছতে ক্ৰমে মূলৰ সদস্য বিষ্ণু ঠাকুৰীয়াৰ দ্বাৰা বৃক্ষ ৰোপন, জিলা শাখাৰ সভাপতি শশীন্দ্ৰ মোহন নাথৰ দ্বাৰা ধৰ্মধ্বজা উত্তোলণ,সামৃহিক নাম প্ৰসংগ,সাহিত্য আৰু সংস্কৃতি শাখাৰ প্ৰতিযোগিতা  আৰাম্ভ কৰা হয় ৷ অপৰাহ্ন ২ বজাত অনুষ্ঠিত হ’ব জিলা শাখাৰ সভাপতি শশীন্দ্ৰ মোহন নাথৰ পৌৰহিত্যত তথা মূলৰ প্ৰাক্তন সদস্য লংকেশ্বৰ ডেকাৰ উদ্বোধনেৰে মূল ধৰ্মালোচনা সভা ।বক্তাৰ আসনত থাকিব অগ্ৰণী ভক্তপ্ৰাণ ব্যক্তি ক্ৰমে ধীৰেন্দ্ৰ শইকীয়া , পূৰ্ণৰাম ডেকা ,  মৃণাল কলিতা ,কুন্তী বৰা (আই বক্তা) আৰু মুখ্য অতিথি হিচাপে মুলৰ প্ৰচাৰক  মনিৰাম দাস আদি সকল উপস্থিত থাকি অনুষ্ঠানটো সৌষ্ঠৱ আগবঢ়ায় ৷

Leave A Reply