মৰিগাঁও জিলাৰ লাহৰীঘাট আৰু মৰিগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰুধী অভিযানত ১২.৯ গ্ৰাম চাবোনৰ ড্ৰাগছ ভৰ্তি বাকছ এটা সহ দুজনক গ্ৰেপ্তাৰ। মৰিগাঁও আৰক্ষীৰ অভিযানত বৰবৰিৰ পৰা নজৰুল ইছলাম, আৰু বাহাৰুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ আটক কৰা ২ ড্ৰাগছ সৰবৰাহ কাৰীৰ ২ খন বাইকো জব্দ কৰে আৰক্ষীয়ে।

ধৃত ড্ৰাগছ সৰবৰাহ কাৰীৰ জব্দকৃত ড্ৰাগছ খিনিৰ ওজন ১২.৯ গ্ৰাম বুলি লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আলিম উদ্দিন আহমেদে জনাইছে। ধৃত দুয়ো ড্ৰাগছ সৰবৰাহ কাৰীৰ বিৰুদ্ধে 120/22, U/S 21(b) /29 NDP’S Act ৰ অধীনত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।

