তামুলপুৰত সদ্য ঘোষিত এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হোৱা বিটিআৰৰ অঞ্চলৰ ২০ গৰাকী প্ৰাৰ্থীক সম্বৰ্ধনা

আজি তামুলপুত জিলা উপায়ুক্তৰ কাৰ্যালয়ত এপিএছচি পৰীক্ষাত উত্তীৰ্ণ বিটিআৰ অঞ্চলৰ প্ৰাৰ্থী সকলক সম্বৰ্ধনা জনোৱা হয় । বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত অনুষ্ঠানটো পৰিচালনা কৰে তামুলপুৰ জিলাৰ উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে ।

বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে অনুষ্ঠানটোত উপস্থিত থাকি সকলোকে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উৰ্ত্তীণ প্ৰাৰ্থী সকলৰ পৰিয়ালৰ লোককো অভিনন্দন জ্ঞাপন কৰে । লগতে বিটিআৰ প্ৰধান গৰাকীয়ে বিটিআৰৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে চুপাৰ ৫০ নামেৰে আৰম্ভ কৰা UPSC আৰু APSC প্ৰশিক্ষণৰ পৰা আগন্তুক বৰ্ষত আৰু অধিক প্ৰাৰ্থীয়ে উৰ্ত্তীণ হ’ব বুলি আশা প্ৰকাশ কৰে।

তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ প্ৰতিবেদন

Related Articles