Breaking

ধুবুৰীত ২০২৩ বৰ্ষৰ কেন্দ্রীয় বিষ্ণু ৰাভা দিৱস; আঠ গৰাকী বিশিষ্ট ব্যক্তিলৈ সাতটা বঁটা ঘোষণা

0 337

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত ধুবুৰীৰ ঝঘৰাপাৰ ষ্টেডিয়ামত কেন্দ্রীয় ভাবে অহা ২০জুনত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ’ব।


এই অনুষ্ঠানত দুগৰাকী বৰেণ্য শিল্পীক ২০২৩ বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰ লগতে কলা- সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অৱদান যগোৱা ছগৰাকী বিশিষ্ট ব্যক্তিক তিনিটাকৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰা হ’ব।

ছপা শিল্পী অজিত শীল আৰু নৃত্য শিল্পী গোপাল কৃষ্ণ গোস্বামীক ২০২৩ বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। তিনিটা ৰাষ্ট্ৰীয় বঁটা ক্ৰমে ২০২২ বৰ্ষৰ শ্ৰী শ্ৰী মাধৱ দেৱ বঁটা সাহিত্যিক অৰূপ কুমাৰ দত্তক, ২০২২ বৰ্ষৰ বীৰ চিলাৰায় বঁটা মৰণোত্তৰ ভাবে শ্বহীদ ভাস্কৰ কলিতাক আৰু ২০২৩ বৰ্ষৰ কালিচৰণ ব্ৰহ্ম বঁটা গৱেষক ড° টিয়াতশি জমিৰলৈ আগবঢ়োৱা হ’ব।

একেদৰে ৰাজ্যিক পৰ্যায়ৰ তিনিটা বঁটা ক্ৰমে ২০২৩ বৰ্ষৰ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা লোকশিল্পী নকুল দাসক, ২০২৩ বৰ্ষৰ সতী সাধনী বঁটা বিজ্ঞানী ড° জয়ন্তী চুতীয়াক আৰু স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা সমাজ সেৱী বলৰাম ফাংচক প্ৰদান কৰা হ’ব বুলি শুকুৰবাৰে দিছপুৰৰ জনতা ভৱনৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াই সদৰী কৰে।

সিদিনা বিষ্ণু ৰাভা দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই বঁটা প্ৰদান কৰিব। মন্ত্রী বড়াই সংবাদ মেলত জনোৱামতে বিষ্ণু ৰাভা দিৱসৰে সংগতি ৰাখি ২০জুনৰ পুৱা ৯বজাৰ পৰা ছাত্র- ছাত্ৰীৰ মাজত চিত্রাংকণ, বিষ্ণু ৰাভাৰ গীত আৰু কুইজ প্ৰতিযোগিতাৰ লগতে দিনৰ দুই বজাৰ পৰা বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন আৰু কৰ্মৰ ওপৰত এখনি আলোচনা চক্রও অনুষ্ঠিত হ’ব বুলি মন্ত্রী বড়াই জানিবলৈ দিয়ে।

Leave A Reply