সমাগত ২০২৬ৰ অসম বিধানসভা নিৰ্বাচন৷ আৰু মাত্ৰ কেইটামান মাহৰ(2026 Assam Legislative Assembly Election)পিছতেই অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ সদ্যঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছতেই ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে ফ্ৰণ্ট ফুটত আছে বৰ্তমান শাসনাধিষ্ঠিত বিজেপি৷ উজনি অসমত বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত অধিকাংশ আসনতেই জয়ী হোৱাৰ লক্ষ্য স্থিৰ কৰি লৈছে৷ যিহেতু উজনি জয় কৰিব পাৰিলেহে যিকোনো এটা ৰাজনৈতিক দলে অসমৰ শাসন ভাৰ নিজৰ হাতলৈ আনিবলৈ সক্ষম হ’ব৷ সেয়ে উজনি অসমক বিজেপিৰ এক প্ৰয়োগশালা হিচাপে ব্যৱহাৰ কৰি ৰাজ্যিক বিজেপিয়ে ৰাজ্য সভাৰ সাংসদ ৰামেশ্বৰ তেলী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপৰি ৰাজ্য চৰকাৰৰ আন এগৰাকী মন্ত্ৰী পীয়ূষ হাজৰিকাক উজনিৰ ৰাজনৈতিক ক্ষেত্ৰখনত বিজেপিক শক্তিশালী কৰিবলৈ এক প্ৰকাৰে দায়িত্ব অৰ্পণ কৰিছে৷
ৰাজ্যৰ ৰাজনীতিত উজনি অসমৰ ভূমিকা অপৰিসীম৷ উজনিত ৰাজনৈতিক দলসমূহে সৰহ ভাগ আসন লাভ নকৰিলে চৰকাৰ গঠনত দলসমূহৰ সন্মুখত ব্যাপক প্ৰত্যাহ৩ান আহি পৰে৷ সেয়ে বিজেপিয়ে সময়ৰ অপেক্ষাত নাথাকি বৰ্তমানৰ পৰাই তৃতীয়বাৰৰ বাবে অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে৷ কিন্তু ইয়াৰ মাজতে জাতীয়তাবাদী শিবিৰত এক নতুন শক্তিয়ে গা কৰি উঠা পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ সংঘটিত হোৱা দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্প ঘটনাই এই নৱতম জাতীয়তাবাদী শিবিৰটোক এক গতি প্ৰদান কৰাৰ ইতিমধ্যে এক ৰূপৰেখা তৈয়াৰ হৈছে৷ প্ৰসংগ ঃ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা৷
দুলীয়াজান কাণ্ডৰ পিছত বহিৰাগত এক শক্তিৰ অভিযোগৰ ভিত্তিত প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ হাতত আৰক্ষীয়ে হাত কেৰায়া লগাই আদালতৰ সন্মুখত দাগী অপৰাধীৰ দৰে চোঁচোৰাই লৈ ফুৰা দৃশ্যটো আৰু তনু শ্বাহী নামৰ মহিলাগৰাকীয়ে ঘটনা সংঘটিত হোৱাৰ সময়ত এচাম থলগিৰি যুৱকক উদ্দেশ্যি দিয়া অপমানসূচক মন্তব্যই জাতীয়তাবাদী শিবিৰটোক এই শক্তি প্ৰদান কৰিলে৷ সমান্তৰালভাৱে বিজেপি বিধায়ক তেৰছ গোৱালাই বহিৰাগত লবীটোৰ পক্ষ লোৱাৰ লগতে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ নেপথ্যত বিধায়কগৰাকীৰ যি ভূমিকা আছিল এই সকলোবিলাক দিশক সামৰি এই নতুন ৰাজনৈতিক সমীকৰণ আৰম্ভ হোৱাৰ এক সম্ভাৱনা আছে৷ শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ সমস্ত ঘটনাৰ নেপথ্যৰ মানুহগৰাকী বিধায়ক তেৰছ গোৱালা বুলি ইতিপূৰ্বে সৰৱ আলোচনা চলিছে প্ৰতিবাদত নমা জাতি-জনগোষ্ঠীয় সংগঠনসমূহৰ মাজত৷ দল- সংগঠনসমূহৰ একাংশ পদবীধাৰীয়ে ক’ব বিচাৰে যে শংকৰজ্যোতি বৰুৱা তেৰছ গোৱালাৰ বাবে এক ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হৈ উঠাত তেওঁক ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা উচ্ছেদ কৰাৰ ই সময়োপযোগী পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷ এই একেটা বিষয়ে বিভিন্ন মাধ্যমতো ব্যাপক চৰ্চিত হৈ পৰিছে৷
ইফালে দুলীয়াজান কাণ্ডৰ পিছত উজনি অসমত একত্ৰ হোৱা সদৌ তাই আহোম ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, সংগ্ৰামী সেনা অসম, উজনি অসম মুছলিম কল্যাণ পৰিষদ, সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ অসম, জাতীয় সংগ্ৰামী সেনা অসম, তাই আহোম যুৱ পৰিষদ, চুতীয়া যুৱ সন্মিলন, কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, বীৰ লাচিত সেনা অসম, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চ, আহোম সেনা আদি কৰি কুৰিটাকৈ জাতি-জনগোষ্ঠীয় সংগঠনে এই নতুন ৰাজনৈতিক শক্তিটোক আগুৱাই লৈ যোৱাৰ এডোখৰ ভূমি উজনিৰ পটভূমিত সৃষ্টি কৰিছে৷ কিন্তু এই জাতীয়তাবাদী শক্তিটোৱে নতুন কোনো ৰাজনৈতিক দল গঠন নকৰি এক আঞ্চলিক ৰাজনৈতিক দলক সমৰ্থন আগবঢ়োৱাটো এক প্ৰকাৰ নিশ্চিত৷ কিন্তু আঞ্চলিক ৰাজনৈতিক দল কোন হ’ব সেয়া সময়ৰ অপেক্ষাত৷ কিন্তু অসম গণ পৰিষদ এই ধাৰাটোৰ সৈতে একত্ৰ যে নহয় সেয়া খাটাং৷ উজনি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটক যদি লক্ষ্য কৰা যায় তেন্তে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ সম্ভৱতঃ হ’ব পাৰে এই বিকল্প আঞ্চলিক ৰাজনৈতিক দলটো৷ এক ৰহস্যজনকভাৱে আইনৰ মেৰপাকত সোমাই কাৰাগাৰলৈ যাবলগীয়া হোৱা শংকৰজ্যোতি বৰুৱা এই ৰাজনৈতিক শক্তিটোৰ আন এক চালিকা শক্তি যে নহ’ব ইয়াক একেমুখে ক’ব নোৱাৰি৷ বীৰ লাচিত সেনাৰ মুখ্য সাংগঠনিক সচিব শৃংখল চলিহাই ইতিপূৰ্বে ২০২৬ ৰ বাবে লুৰীণজ্যোতি গগৈৰ পক্ষত আছোঁ বুলি সামাজিক মাধ্যমত ঘোষণা কৰিছে৷
ইয়াৰ বিপৰীতে তেওঁ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে হোৱা মতানৈক্যৰ বাবে তেওঁ অখিল গগৈৰ সংগ ত্যাগ কৰিলে৷ ৰাজনীতিৰ খবৰ ৰখাসকলে একেমুখে ক’ব বিচাৰে যে লুৰীণজ্যোতি গগৈ এইবাৰ ২০২৬ৰ বিধানসভা নিৰ্বাচনত আঞ্চলিক শক্তিটোক এক নতুন শক্তি প্ৰদান কৰিব৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে যিটো ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ উদ্গীৰণ হ’ব ইয়াত কিন্তু কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ স্থান নথকা নহয়৷ যদি লক্ষ্য কৰা যায় তেন্তে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে এতিয়ালৈকে একো সিদ্ধান্ত লোৱা নাই৷ অখিল গগৈয়ে আওপকীয়াকৈ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা হ’লে ৪৩খনকৈ আসন বিচাৰিব বুলি প্ৰকাশ কৰিছে৷ অখিল গগৈৰ এই প্ৰস্তাৱক নিশ্চিতভাৱে কংগ্ৰেছে মানি নলয়৷ যদি মিত্ৰতা নহয় তেন্তে অখিল গগৈয়ে উজনি-নামনি সকলোতে ৰাইজৰ দলৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব দিব৷ যদি এনে হয় তেন্তে সৰ্বাধিক ক্ষতি হ’ব কংগ্ৰেছ আৰু এআইইউডিএফৰ৷ সেয়ে কংগ্ৰেছে হ’বলগীয়া এই ডেমেজক কণ্ট্ৰল কৰিবৰ বাবে ইতিমধ্যে ৰাইজৰ দলৰ পৰিৱৰ্তে আন এক আঞ্চলিক ৰাজনৈতিক শক্তিৰ সহায় উজনিত বিচাৰিব৷ এতিয়ালৈকে আনুষ্ঠানিক আলোচনাত কোনো এটা জাতি-জনগোষ্ঠীয় সংগঠনে বহা নাই৷ লুৰীণজ্যোতি গগৈয়েও এই সম্ভাৱনাবিলাকৰ ওপৰত কোনো ধৰণৰ মত পোষণ কৰা নাই৷ কিন্তু খেলা হৈছে আৰু কেইটামান দিনৰ পিছতেই উজনিত ২০২৬ ৰ বাবে এক পৃষ্ঠভূমি তৈয়াৰ হৈ উঠিব৷