২০৩৬ চনৰ অলিম্পিক আয়োজন কৰিবলৈ উদগ্ৰীৱ হৈ (2036 Olympics) পৰিছে ভাৰত৷ ইয়াৰ পূৰ্বে ভাৰতীয় অলিম্পিক সন্থাই আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ এইবাৰ ভাৰতীয় প্ৰতিনিধি দল এটা তিনিদিনীয়া ভ্ৰমণলৈ গৈছে ছুইজাৰলেণ্ডৰ ল’জানলৈ৷ ইয়াত অলিম্পিক কমিটীৰ মুখ্য কাৰ্যালয় আছে৷ জানিব পৰা মতে, আহমেদাবাদক ভাৰতে অলিম্পিক আয়োজনৰ সম্ভাৱ্য স্থান হিচাপে উজ্জ্বল কৰি তুলিছে৷ প্ৰসংগক্ৰমে ভাৰতে ২০২৩ চনত অলিম্পিক আয়োজনৰ বাবে নিবিদা দাখিল কৰিছিল৷
দুবছৰৰ পাছত আনুষ্ঠানিকভাৱে গুজৰাটৰ ক্ৰীড়া মন্ত্ৰী হৰ্ষ চাংঘৱীৰ নেতৃত্বত ভাৰত অলিম্পিক কমিটীৰ মুখ্য কাৰ্যালয়লৈ গৈছিল৷ প্ৰতিনিধি দলটোত আছে ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষা, গুজৰাটৰ মুখ্য ক্ৰীড়া সম্পাদক অশ্বিনী কুমাৰ, ক্ৰীড়া সম্পাদক হৰিৰঞ্জন ৰাও আৰু নগৰ সচিব থেন্নাৰসন৷ অৱশ্যে ২০৩৬ চনৰ অলিম্পিক কোনে আয়োজন কৰিব সেয়া জানিবলৈ আমি কিছুদিন অপেক্ষা কৰিব লাগিব৷ কাৰণ নৱনিৰ্বাচিত অলিম্পিক কমিটীৰ সভানেত্ৰী কিষ্টিৰ্ কভেণ্ট্ৰিয়ে শেহতীয়াকৈ এই কথা ঘোষণা কৰিছে৷ অৱশ্যে ইয়াৰ দ্বাৰা ভাৰতৰ এই পদক্ষেপত কোনো প্ৰভাৱ নপৰে বুলি জ্ঞাত সূত্ৰৰ মতে৷ সূত্ৰ অনুসৰি ভাৰতীয় প্ৰতিনিধি দলটোৱে অলিম্পিক কমিটীৰ মুখ্য কাৰ্যালয়ত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থাৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰিছে৷
তাত আহমেদাবাদক অলিম্পিকৰ সম্ভাৱ্য স্থান হিচাপে উজ্জ্বল কৰি তোলা হৈছে৷ এখন প্ৰেছ বিজ্ঞপ্তিটোত কোৱা হৈছে যে, ‘আমাৰ আলোচনাত আহমেদাবাদক অলিম্পিকৰ সম্ভাৱ্য স্থান হিচাপে উজ্জ্বল কৰি তোলা হৈছে৷ প্ৰচেষ্টা সফল কৰাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হ’ব৷ ভৱিষ্যতৰ বাবে এই বৈঠকৰ প্ৰয়োজনীয়তা অপৰিসীম৷’ আনহাতে পিটি উষাই কয় যে, ‘ভাৰতত যদি অলিম্পিক আয়োজন কৰা হয় তেন্তে ইয়াৰ প্ৰভাৱ দেশবাসীৰ ওপৰত বৃহৎ পৰিব৷ ই কেইবাটাও প্ৰজন্মক অনুপ্ৰাণিত কৰিব৷’ অৱশ্যে এই দেশত ‘গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’ অলিম্পিক আয়োজন কৰাৰ বাবে ৩৪,৭০০ কোটিৰ পৰা ৬৪,০০০ কোটিলৈ খৰচ হ’ব পাৰে৷ পেৰিছ অলিম্পিকৰ বাবে ব্যয় হৈছিল ৩২,৭৬৫ কোটি টকা৷ কিন্তু ভাৰতে যদি ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰিব বিচাৰে তেন্তে ইয়াৰ দুগুণতকৈও অধিক খৰচ হ’ব পাৰে৷