Breaking

ভাৰত-ভূটান সীমান্তৰ শশীপুৰত ২০৮ তম ভানু জয়ন্তী আৰু কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা কুমাৰীকাটা আঞ্চলিক আগছুৰ

0 1,606

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কুমাৰীকাটা আঞ্চলিক সমিতিৰ উদ্যোগত চিৰুপাতে শাখা সমিতি আগছু আৰু অসম গোৰ্খা সন্মিলন এনকে দৰঙা শাখা সমিতিৰ সহযোগত তামুলপুৰ জিলাৰ ভাৰত -ভূটান সীমান্তৰ দৰঙ্গামেলা-শশীপুৰ অঞ্চলত থকা গোৰ্খা ভৱনত আজি ২০৮ তম ভানু জয়ন্তী, কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা আৰু এখন শৈক্ষিক কৰ্মশালা অনুষ্ঠিত হৈ যায়। কাৰ্য্যসুচী মতে ৰাতিপুৱা ৮ বজাত আগছুৰ পতাকা উত্তোলন কৰে কুমাৰীকাটা আঞ্চলিক সমিতিৰ সভাপতি ৰাজু তামাঙে।

ৰাতিপুৱা ৮,৩০ বজাত বৃক্ষ ৰোপন কৰে অসম গোৰ্খা সন্মিলন বাক্সা জিলা সমিতিৰ উপ-সভাপতি কেশৱ ছেত্ৰীয়ে। ৰাতিপুৱা ৯ বজাত আদিকবি ভানু ভক্ত আচাৰ্য্যৰ প্ৰতিচ্ছবিত মাল্যৰ্পন তথা বন্তি প্ৰজ্বলন কৰে ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে। তাৰপিছতে ১১ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয়। চিৰুপাতে শাখা সমিতি আগছুৰ সভাপতি দেৱৰাজ প্ৰধানৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাত সদ্য ঘোষিত উচ্চ/উচ্চতৰ মাধ্যমিক পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ ১২০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোছা, মানপত্ৰ, কলমেৰে সম্বৰ্ধনা জনোৱা হয়।

আজিৰ মুকলি সভাত অতিথি হিচাপে ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰী, ২৬ নং দৰঙাজুলী বিটিচি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰী, অসম গোৰ্খা সন্মিলন বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ সম্পাদক ইন্দ্ৰ প্ৰধান, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সদস্য সঞ্জীৱ চৌহান, প্ৰাক্তন সম্পাদক নৰেন কাৰ্কীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তাৰপিছতে শৈক্ষিক কৰ্মশালা অনুষ্ঠিত হয়।

Leave A Reply