১ডিচেম্বৰত কুড়মালি সাহিত্য সভা অসম কেন্দ্ৰীয় সমিতিৰ ২০ তম্ প্ৰতিষ্ঠা দিৱস অসমৰ বিভিন্ন জিলাত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। অসমৰ আদিবাসী চাহ শ্ৰমিকৰ বৃহৎ সংখ্যক লোকৰ মাজত প্ৰচলিত কুড়মালি ভাষাৰ বিকাশৰ লগতে কুড়মালি ভাষা , সাহিত্য আৰু সংস্কৃতি সুৰক্ষিত কৰিবলৈ ২০০১ চনৰ আজিৰ দিনটোতে গঠন হৈছিল কুড়মালি সাহিত্য সভাখন। এই সাহিত্য সভাই ভাষাটোৰ লোক উৎসৱত পৰিবেশিত লোকগীত, লোকনৃত্য আদি বিভিন্ন অনুষ্ঠান সময়ে সময়ে উদযাপিত কৰি আহিছে। কুড়মালি সাহিত্য সভাৰ ১১ খন জিলা সভাই অসমৰ বিভিন্ন ঠাইত দিনজোৰা কাৰ্যসূচীৰে কুড়মালি সাহিত্য সভাৰ ২০ তম্ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। সভাত কুড়মালি সাহিত্য সভাৰ কেন্দ্ৰীয় উপদেষ্টা স্বৰ্গীয় ৰাইমোহন কুড়মি, স্বৰ্গীয় সৰুনাথ কুড়মি, স্বৰ্গীয় সুকদেৱ কুড়মি , প্ৰতিষ্ঠাপক সভাপতি স্বৰ্গীয় হৰিপ্ৰসাদ কুড়মি দেৱক স্মৰণ কৰা হয় বুলি কুড়মালি সাহিত্য সভাৰ প্ৰধান সম্পাদক সুৰেশ কুড়মিয়ে জনায়। লগতে তেওঁ কয় কুড়মালি সাহিত্য সভাৰ তিনিচুকীয়া জিলা সভাই লোণপুৰীয়া গাঁৱত,ডিব্ৰুগড় জিলা সভাই চাবুৱা কাঞ্জিখোৱা গাঁৱত, চৰাইদেউ জিলা সভাই উত্তৰ চোমদাৰ গাঁৱত, শিৱসাগৰ জিলা সভাই শিংগিবিল গাঁৱত, যোৰহাট জিলা সভাই চটাই অংগবাড়ী কেন্দ্ৰ প্ৰাঙ্গনত, গোলাঘাট জিলা সভাই খুমটাই চাহ বাগিচাত, পূৱ কাৰ্বি আংলং জিলা সভাই শিলনীজান গাঁৱত, নগাঁও জিলা সভাই চিমনাবস্তি গাঁৱত, শোণিতপুৰ জিলা সভাই বাহুমাৰী প্ৰেক্ষাগৃহত, বিশ্বনাথ জিলা সভাই দিৰিংপথাৰ গাঁৱত আৰু ওদালগুৰি জিলা সভাই ওৰাঙৰ চমুৱা গাঁৱত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় বুলি সংগঠটোৰ বিষয়ববীয়া সুৰেশ কুড়মিয়ে এক প্ৰেছ বিবৃতি যোগে জনাইছে ৷

