ঐতিহাসিক বেংমৰা মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা স্বতন্ত্ৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২১৯ সংখ্যক মৃত্যু দিৱসটি ৰাজ্যৰ কেইবাখনো জিলাৰ সমান্তৰালভাৱে আজি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ডিৰাক আঞ্চলিক সমিতিৰ উদ্যোগত ডিৰাকস্থিত নিজ কাৰ্যালয়ত, সমান্তৰালভাবে কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত লাজুমস্থিত আঞ্চলিক কাৰ্যালয়ত ক’ৰণা অতিমাৰীৰ ভয়াবহতাৰ মাজতে চৰকাৰৰ নীতি নিৰ্দেশনা মানি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰে। ডিৰাকত অনুষ্ঠিত হোৱা তিৰোভাৱ তিথিত মটক স্বায়ত্ত শাসিত পৰিষদৰ সদস্য পূৰ্ণানন্দ বুঢ়াগোহাঁই, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, তিনিচুকীয়া জিলা সমিতিৰ কোষাধ্যক্ষ দ্বীপ চেতিয়া আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ৷ কাকপথাৰ লাজুমত অনুষ্ঠিত হোৱা কাৰ্যসুচীত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, তিনিচুকীয়া জিলা সমিতিৰ সাঃ সম্পাদক কমলদীপ বৰুৱা, শিক্ষা সম্পাদক হিৰোজ শইকীয়াকে ধৰি বহুকেইজন বিষয়ববীয়া, কৰ্মীয়ে অংশগ্ৰহণ কৰি বীৰ ৰজাজনাক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ ইফালে কুৰুকানী (১ নং সৰুমেছাই) গাওঁত ক’ৰণা ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি নিজ বাসগৃহতে বীৰ ৰজাজনাক স্মৰণ কৰে তিনিচুকীয়া জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সাংগঠনিক সম্পাদক উদিপ্ত বাঘ বড়া, ডিৰাক আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সাধাৰণ সম্পাদক পৰাগ গগৈয়ে। স্মৰ্তব্য যে, ৰাজ্যৰ চৌদিশে ইটো সিটোকৈ মূৰ দাঙি উঠা বিদ্রোহবোৰে আহোম ৰাজশক্তিক অস্থিৰ কৰি ৰখাৰ সময়তে বৰ্তমান তিনিচুকীয়া জিলাৰ চাংমাই পথাৰত এগৰাকী মোৱামৰীয়া বিদ্ৰোহী তথা প্ৰভাৱশালী ব্যক্তি মাজেৰাই ‘বেংমৰা ‘নামৰ এখন নগৰ স্থাপন কৰিছিল আৰু কালক্রমত সেই বেংমৰা নগৰক কেন্দ্র কৰিয়েই প্রায় আশী হাজাৰ পূৰা মাটিকালিৰে স্বাধীন বেংমৰা ৰাজ্য গঢ় লৈ উঠিছিল । সেই মেজেৰাই পিছলৈ সৰ্বানন্দ সিংহৰ নাম লৈ ১৭৮৮ চনৰপৰা ১৮০১ চনলৈ বেংমৰা ৰাজ্য শাসন কৰিছিল আৰু ৰাজ্যৰ ৰাজধানী প্ৰথমতে বৰ্তমানৰ ৰঙাগড়াত স্থাপন কৰিছিল ৷ পাছতহে বেংমৰা বা আধুনিক তিনিচুকীয়ালৈ ৰাজধানী তুলি আনিছিল৷ সুলভী, পাভই আৰু বৰুণী নামৰ তিনিগৰাকী কন্যাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা সৰ্বানন্দ সিংহই ১৭৯১ চনত ‘শ্ৰীশ্ৰী সৰ্বানন্দ সিংহ নৰেন্দ্ৰস্য’ বুলি নিজৰ নামত এটা মোহৰ মৰাইছিল৷ নিজৰ ৰাজত্ব কালত সৰ্বানন্দই মাহ ধোৱা পুখুৰী, চাউল ধোৱা পুখুৰী, কদমনি পুখুৰী আদি কেইবাটাও পুখুৰী খন্দাইছিল৷ সেইবোৰৰ ভিতৰত ১৭৯৫ চনত ন-পূৰা মাটিত খন্দোৱা ন-পুখুৰীটোৱেই সবাতোকৈ ডাঙৰ আছিল ৷ সৰ্বানন্দ সিংহৰ আদেশত গোধা বৰুৱাই বেংমৰাত এটা ত্ৰিভুজাকৃতিৰ পুখুৰী খন্দাইছিল যাক “তিনিকোণীয়া পুখুৰী” নামেৰে জনা যায়। ১৮৮৪ চনত ডিব্ৰু-চৈখোৱা ৰেল লাইনৰ নিৰ্মাণ হওঁতে এই পুখুৰীৰ কাষতে এটা ষ্টেছন সজা হৈছিল। ইয়াক “তিনিচুকীয়া” বুলি নামাকৰ্ণ কৰা হৈছিল যিটো পিছলৈ নগৰ আৰু জিলাখনৰ নাম হৈ পৰে।

