গোগামুখত মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা ২২৯৪ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান, প্ৰকৃত কৃষকক আৰ্থিক সাহায্যৰ ব্যৱস্থা…

মিচিং স্বায়ত্তশাসিত পৰিষদে পৰিষদৰ এলেকাধীন বিভিন্ন জাতি-জনগোষ্ঠীৰ সাৰ্বিক উন্নয়নৰ বাবে দীৰ্ঘদিনে কাম কৰি আহিছে ৷ বিশেষকৈ সাম্প্ৰতিক সময়ত অসমত দ্ৰুতগতিত নিৱনুৱা সমস্যা বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি পৰিষদে সৰ্বাধিক জীৱন-জীৱিকা আঁচনি সমূহ বেছি গুৰুত্ব বিভিন্ন জীৱিকামূলক আঁচনি ৰূপায়ণ কৰিছে আৰু ইতিমধ্যে নিৱনুৱা যুৱক-যুৱতী সকল ইয়াৰ সু-ফল লাভ কৰিছে ৷ এই মন্তব্য মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াৰ ৷

আজি গোগামুখ আবতানি লত্তাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা আয়োজিত প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষাৰ্থীৰ প্ৰমাণপত্ৰ তথা স্বীকৃতি প্ৰদান অনুষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই এইদৰে মন্তব্য আগবঢ়ায় ৷ তেওঁ লগতে কয়- আমাৰ মূল লক্ষ্য হৈছে উন্নত মানৰ কৃষি পদ্ধতি তথা বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ সমাহাৰ ঘটাই ব্যাপক হাৰত কৃষিক্ষেত্ৰক নতুন ৰূপ দিয়া আৰু আমাদানিতকৈ ৰপ্তানি পৰিমাণ বৃদ্ধি কৰি নিৱনুৱাসকলক স্বাৱলম্বিতাৰ দুৱাৰ মুকলি কৰা ৷ বহু অসাধু ব্যৱসায়ীয়ে অত্যাধিক লাভৰ আশাত অত্যাবশ্যকীয় খাদ্য সামগ্ৰীত বৰবিহ ঢালিছে আৰু জনস্বাস্থ্যলৈ ভয়ংকৰ বিপদ নমাই আনিছে ৷

এনেক্ষেত্ৰত আমি জৈৱিক পদ্ধতিৰে কৃষিকৰ্মৰ পাতনি মেলি ভৱিষ্যতৰ প্ৰজন্মক সুস্থিৰ আৰু সু-স্বাস্হ্য ৰক্ষাত মনোনিৱেশ কৰিব লাগিব ৷ তেতিয়াহে আমি এখন সুস্থ-সৱল সমাজ লাভ কৰিম বুলি তেওঁ মন্তব্য দিয়ে ৷ উল্লেখ্য যে, মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আজি শনিবাৰে মুঠ ২২৯৪ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষাৰ্থীক প্ৰমাণপত্ৰ বিতৰণ কৰা হয় ৷

পৰিষদৰ জীৱন-জীৱিকা আঁচনি, শস্য উদ্যান, হস্ততাঁত আৰু মীন বিভাগৰ দ্বাৰা বিগত বৰ্ষত অসমৰ বিভিন্ন স্থানত প্ৰশিক্ষণ দিয়া প্ৰশিক্ষাৰ্থী সকলক এই প্ৰমাণ পত্ৰসমূহ প্ৰদান কৰা হয় ৷ প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষাৰ্থী সকলে উন্নত মানৰ খেতি কৰিলে তেওঁলোকক প্ৰকৃত কৃষক হিচাপে স্বীকৃতি দি আৰ্থিক সাহায্য প্ৰদান কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে পৰিষদে ৷ আজিৰ এই সভাত উপস্থিত থাকে লখিমপুৰ কৃষি বিজ্ঞানী ডাঃ সঞ্জীৱ খাৰঘৰীয়া, ধেমাজি কৃষি বিকাশ কেন্দ্ৰৰ জেষ্ঠ কৃষি বিজ্ঞানী
ডাঃ গুঞ্জন গগৈ, শস্য উদ্যান আৰু অসম খাদ্য প্ৰস্তুত প্ৰণালীক সঞ্চালক ত্ৰিৰংগা ভাৰতীয় বৰা, জেষ্ঠ কৃষি বিজ্ঞানী ডাঃ প্ৰশান্ত কুমাৰ পাঠক ৷ পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, অধ্যক্ষ-সচিৱ প্ৰফুল্ল কুমাৰ দেউৰী আৰু পৰিষদৰ কাৰ্যবহী সদস্য আৰু সাধাৰণ সদস্য সকলে ৷ অনুষ্ঠানটো আঁত ধৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিশেষ কৰ্মৰত বিষয়া ডাঃ অনিল কুমাৰ পেগুৱে ৷

Related Articles