ওদালগুৰিত ২৩তম বিটিচি প্ৰতিষ্ঠা দিৱস উদযাপন । Udalguri

১০ ফ্ৰেব্ৰুৱাৰী, ২০২২৫ঃ Udalguri । ওদালগুৰি জিলা বিপিএফৰ উদ্যোগত ২৩তম বিটিচি প্ৰতিষ্ঠা দিৱস সোমবাৰে জাঁকজমকপূৰ্ণভাৱে উদযাপন কৰা হয়। জিলা খনৰ পাচটা ব্লক সমিতিৰ সভাপতি, সম্পাদক আৰু সদস্যসকলৰ অংশগ্ৰহণত বাইক ৰেলিৰ আয়োজনৰ মাধ্যমেৰে দিনটোৰ কার্যসূচী আৰম্ভ হয়। বাইক ৰেলি সমাপ্ত হৈ ওদালগুৰি বিষ্ণুৰাভা কৃষ্টি সংঘত উপস্থিত সকলো মিলিত হয়।

দিৱস উদযাপনৰ কাৰ্যসূচীসমূহত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, প্ৰীতি খেল-ধেমালি, বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন আদি অন্তৰ্ভুক্ত থাকে। দিনৰ শেষত আয়োজিত মুকলি সভাত বহু গণ্যমান্য ব্যক্তি অংশগ্ৰহণ কৰে।

অনুষ্ঠানত জিলা বিপিএফৰ সভাপতি ৰিহন দৈমাৰী, সম্পাদক ফাদাৰাম বড়ো, মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো, বিটিআৰ পৰিষদীয় সদস্য ফেচ মোচাহাৰী, বিপিএফ কেন্দ্ৰীয় উপসভাপতি ৰবিনছন মোছাহাৰী, পিএমবি সদস্য ৰাখেশ্বৰ বড়ো, কেন্দ্ৰীয় সম্পাদক কাৰ্তিক বড়ো, ভৈৰবকুণ্ড মণ্ডল সভাপতি সোনেশ্বৰ ওৱাৰী আদি উপস্থিত থাকে।

উক্ত উদযাপনত জিলা বিষয়া, ববিয়া তথা বিপিএফৰ বহু সংখ্যক কৰ্মীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ পাশাপাশি অঞ্চলটোৰ ঐতিহ্য আৰু সাংস্কৃতিক ঐক্যৰ প্ৰতিফলন ঘটে।

Related Articles