Breaking

ওদালগুৰিত চাহ বাগিছালৈ ২৪ খন এম্বুলেন্স প্ৰদান…

0 30

ওদালগুৰিত চাহ বাগিছালৈ ২৪ খন এম্বুলেন্স প্ৰদান

ওদালগুৰিত চাহ বাগিছালৈ ২৪ খন এম্বুলেন্স প্ৰদান

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগেচাহ বাগিছাসমূহলৈ এম্বুলেন্স প্ৰদান কৰাৰ এক সুদূৰ প্ৰদাৰী পদক্ষেপ গ্ৰহণ কৰিছে। এই আচঁনিৰ অধীনত ওদালগুৰি জিলাৰ মুঠ ২৪ খন চাহ বাগিছাই এম্বুলেন্স লাভ কৰিছে। ভেৰগাও, ধনশিৰি, পানেৰি, ওৰাং, লামাবাৰি, মাজবাট, ক’পাটী, বাদলাপাৰা, বেটিবাৰী, শিংৰিমাৰি, শুৱলা, বৰঙ্গাজুলী,

মাজুলী, কৃষ্ণা চোছাইবিনী, অম্বিকা, হাটীগড়, ডিমাকুছি, বাহিপুখুৰী, বেটেলী, কোৰামোৰ, ভূটিয়াচাং, ননাইপাৰা, আটেৰিখাট আৰু অৰাঙ্গাজুলি চাহ বাগিছাই এখনকৈ এম্বুলেন্স লাভ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ভেৰগাওঁ ষ্টেডিয়াম খেলপথাৰত এই ৰোগী কঢ়িওৱা বাহন সমূহ চাহ বাগিছাসমূহলৈ বিতৰণ কৰে।


বিকাশ যাত্ৰা শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আন আন আচঁনিৰ শুভাৰম্ভ কৰাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে এম্বুলেন্সসমূহ চাহ বাগিছাৰ মেনেজাৰ সকলৰ মাজত বিতৰণ কৰে। অসম চৰকাৰৰ এই আচঁনিৰ জৰিয়তে চাহ বাগিছাত বাস কৰা সকলো লোক উপকৃত হ’ব । বিশেষকৈ গৰ্ভৱতী মহিলাসকলৰ উন্নত চিকিৎসাৰ পথ সুচল হৈ পৰিব এই এম্বুলেঞ্চ সেৱাৰ জড়িয়তে।


Leave A Reply