ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত গেলাবিলত ৫নবেম্বৰত ২৪ টাকে হাঁহ হত্যাৰ অতি দুখজনক ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । গাঁওখনৰ নিবাসী দুই ভাই-ককাই ক্ৰমে শ্ৰমজীৱি প্ৰদীপ বৈশ্য আৰু ব্যৱসায়ী লোহিত বৈশ্যৰ প্ৰতিজনৰে ১২টাকৈ মুঠ ২৪ টা পোহনীয়া হাঁহ দুস্কৃতিকিৰীয়ে বিহ মিহলি ভাত খুৱাই নিষ্ঠুৰভাৱে হত্যা কৰে । এই সন্দৰ্ভত ভূক্তভোগী প্ৰদীপ বৈশ্যই নিকট প্ৰতিবেশী নিজ খুৰাক প্ৰয়াত আনন্দ বৈশ্যৰ পুত্ৰ হেমন্ত বৈশ্যই( লেকৌ) হাঁহকেইটা হত্যা কৰা বুলি অভিযোগ তুলি ওৰাং আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে । ইয়াৰ পিছতে ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰিয়াংকুৰ হাজৰিকাৰ নিৰ্দেশ ক্ৰমে সহকাৰী উপ পৰিদৰ্শক নৃপেন চন্দ্ৰ তামুলীৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে বিয়লি হেমন্ত বৈশ্যক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে পাচটা মতা আৰু ১৯ টা মাইকী নোদোকা তথা তজবজীয়া হাঁহ নিধনকাৰী হেমন্ত বৈশ্য এজন উচ্ছৃংখল , আসামাজিক , মদমত্ত যুৱক । সততে নিজ মাতৃক শাৰীৰিক ভাৱে অপদস্থ আৰু প্ৰহাৰ কৰাৰ চুবুৰীয়াৰ অভিযোগো আছে হেমন্তৰ বিৰুদ্ধে । এজাহাৰকাৰীয়ে সন্দেহ কৰা মতে হাঁহ হত্যাৰ ঘটনাৰ একাধিক ব্যক্তি জড়িত আছে । সঠিক অনুসন্ধান আৰু কঢ়া সোধ-পোছ ( জেৰা) হ’লে ঘটনাৰ সত্য ৰহস্য ফাদিল হ’ব বুলি ৰাইজে দাবী তুলিছে । দোষীয়ে সমূচিত দণ্ড পাব লাগে বুলিও সচেতন নাগৰিক সকল আশা বাদী ।