Breaking

নগাঁৱৰ জামুগুৰিৰ দ’ঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ বাটচ’ৰা উন্মোচন

0 2,291

নগাঁও জিলাৰ জামুগুৰিৰ ঐতিয্যমণ্ডিত দ’ঘাট চুবুৰীৰ ২৪০ বছৰীয়া দ’ঘাট নামঘৰৰ বাটচ’ৰা আজি এক মাংগলিক অনুষ্ঠানৰ মাজেৰে শুভ উন্মোচন কৰা হয় ৷ এই উপলক্ষে পুৱা নামঘৰ প্ৰাংগনত ধৰ্ম্মধ্বজা উত্তোলন কৰে সমাজকৰ্মী ফতিক নাথে ৷ বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পন কৰে হিতেশ্বৰ নাথে ৷ তাৰ পাছতে গায়ন বায়ন,আৰতিৰ উৰুলি,ডৱা কাহঁ শংখ ধৰ্ব্বনিৰে বাটচ’ৰাটি শুভ উন্মোচন কৰে বটদ্ৰৱা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ ডেকা সত্ৰীয়া টিকেন্দ্ৰজিৎ দেৱগোস্বামীয়ে ৷ বাটচ’ৰাটি উন্মোচনৰ ক্ষনত ডেকা সত্ৰীয়া গৰাকীয়ে কয় যে বাটচ’ৰা হ’ল বৈকুণ্ঠৰ প্ৰথম দুৱাৰ ৷ নামঘৰৰ বাটচ’ৰা গৰকিহে প্ৰভু ভগৱন্তৰ স্থান বৈকুণ্ঠ পাব পাৰি ৷ সেইবাবেই বাটচ’ৰা হ’ল বৈকুণ্ঠৰ প্ৰথম দুৱাৰ ৷ ডেকা সত্ৰীয়া গৰাকীয়ে লগতে আৰু কয় যে আজিৰ নৱপ্ৰজন্মই গুৰুজনাৰ সংস্কৃতি চৰ্চা কৰিবলৈ আজি কাৰোৰে সময় নাই ৷ পশ্চিমীয়া সংস্কৃতিৰ প্ৰতিহে নৱপ্ৰজন্ম আগ্ৰহী হোবা দেখা গৈছে ৷ সমাজকৰ্মী খগেন চন্দ্ৰ নাথে আতঁধৰা অনুষ্ঠানটিত বাটচ’ৰাটি নিৰ্মাণ কৰি উলিওৱা ভাস্কৰ্য শিল্পী গোলাপ চন্দ্ৰ নাথক সম্বৰ্দ্ধনা জনোবা হয় ৷ শিল্পী প্ৰস্তুুতি দেৱীৰ এটি বৰগীতেৰে শুভাৰম্ভ কৰা বাটচ’ৰাটোৰ উন্মোচনী সভাখনিত শংকৰী কলা কৃষ্টিৰ সাধক বীৰেন চন্দ্ৰ নাথ,নৰেন নাথ,প্ৰবিন শিল্পী গম্ভীৰ নাথ,সমাজকৰ্মী মহিন্দ্ৰ মহন্ত,ধেনুৰাম নাথ,শিক্ষাবিদ ৰাসেশ্বৰ নাথ,কামেশ্বৰ নাথ,প্ৰদীপ নাথ,লিলাধৰ নাথ,অৱসৰপ্ৰাপ্ত শিক্ষক ৰুহিত নাথ,জামুগুৰি গৰখীয়া থানৰ পুজাৰী টংকেশ্বৰ নাথ,বটদ্ৰৱা বৰহিছাৰ পৰা অহা অতিথি খনিন্দ্ৰ মোহন ভূঞা,পুৰ্ণকান্ত নাথকে প্ৰমুখ্যে অঞ্চলৰ ভকত বৈষ্ণৱ সকল উপস্থিত থাকে ৷ অন্যহাতে দুপৰীয়াৰ নাম প্ৰসংগৰ পাছত বিয়লিৰ আই সকলৰ দিহা নাম আৰু সন্ধিয়ালৈ স্থানীয় শিল্পী সকলৰ দ্বাৰা পৰিৱেশিত হয় কেলি গোপাল নাট ৷ উল্লেখ্য যে,কাইলৈ সন্ধিয়া  হৰিশ্চন্দ্ৰ উপাখ্যান পালা ভাওনা অনুষ্ঠিত হব ৷ 

Leave A Reply