যোৰহাট, ৯ এপ্ৰিল: জলবায়ু পৰিৱৰ্তন কৃষিৰ বাবে এক গুৰুতৰ সমস্যা।বৰ্ধিত উষ্ণতা, অস্বাভাৱিক বৰষুণ(Unusual rainfall), খৰাং, বানপানী আৰু ধুমুহাই আমাৰ কৃষি ব্যৱস্থাত ব্যাঘাত জন্মায়।(25th Convocation of AAU) ইয়াৰ ফলত খাদ্য সুৰক্ষাই প্ৰভাৱিত হোৱাই নহয়, কৃষিৰ ওপৰত নিৰ্ভৰশীল লাখ লাখ লোকৰ জীৱিকাৰ ওপৰতো প্ৰভাৱ পৰিছে।

সেয়ে ভৱিষ্যতে কৃষিৰ উৎকৰ্ষ সাধনৰ বাবে কৃষি শিক্ষাৰ জ্ঞানক বহনক্ষম কৃষিৰ দিশত কেন্দ্ৰীভূত কৰিব লাগিব।অসম কৃষি বিশ্ববিদ্যালয়ৰ(Assam Agricultural University) ২৫ সংখ্যক সমাবৰ্তন সম্বোধন কৰি অসমৰ ৰাজ্যপাল তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মন প্ৰসাদ আচাৰ্যই এই মত ব্যক্ত কৰে।
বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মুল চৌহদত আজি অনুষ্ঠিত সমাবৰ্তনত ৰাজ্যপালগৰাকীয়ে লগতে কয় যে কৃষিৰ স্নাতকসকলে জ্ঞান আৰু দক্ষতাক কৃষক, সমাজ আৰু জাতিৰ সেৱাত ব্যৱহাৰ কৰি দলীয় মনোভাৱেৰে অবিৰতভাৱে কাম কৰিব লাগিব।

আমি যেতিয়াই স্বাৱলম্বী ভাৰত আৰু স্বাৱলম্বী অসমৰ কথা কওঁ তেতিয়াই কৃষি খণ্ডৰ অৱদান আটাইতকৈ গুৰুত্বপূৰ্ণ।কৃষি খণ্ডত এই অৱদানৰ পৰিপ্ৰেক্ষিতত, চৰকাৰে কৃষিৰ বিকাশ আৰু কৃষকৰ সমৃদ্ধিৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছে।
মই গৌৰৱান্বিত যে কঠিন পৰিস্থিতিতো অসমৰ কৃষকসকলে নিজৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ জৰিয়তে উল্লেখযোগ্য সফলতা লাভ কৰিছে।

অসমৰ বহু সামগ্ৰী যেনে চাহ, মাজুলী চাউল, তেজপুৰ লিচি আৰু জোহা চাউলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিছে। অসম কৃষি বিশ্ববিদ্যালয়ে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি পৰিস্থিতিৰ বিকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে। দক্ষ মানৱ সম্পদ প্রস্তুত কৰা, শেহতীয়া প্রযুক্তি বিকশিত কৰা আৰু কৃষকৰ জীৱন সমৃদ্ধ কৰাত ই যথেষ্ট অৰিহণা যোগাইছে।
অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই আদৰণি ভাষণত বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ অগ্ৰগতিৰ আৰু সামগ্ৰিক ৰূপৰেখা দাঙি ধৰা অনুষ্ঠানটোত সমাবৰ্তনৰ মুল বক্তৃতা প্ৰদান কৰে অসম কৃষি আয়োগৰ চেয়াৰমেন ড: হৰিশংকৰ গুপ্তাই।

উৰ্বৰ ভূমি, প্ৰচুৰ জলসম্পদ, চহকী জৈৱ বৈচিত্ৰ্যকে ধৰি প্ৰচুৰ প্ৰাকৃতিক সম্পদেৰে অসম চহকী যদিও ৰাজ্যখনৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ খণ্ড কৃষি অৱশ্যে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি কয় যে অসমৰ প্ৰধান শস্য ধান খেতি বৰষুণৰ ওপৰত নিৰ্ভৰশীল আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ৰমবৰ্ধমান অভাৱনীয়তাৰ দৰে কাৰকৰ বাবে ইয়াৰ উৎপাদনশীলতাত বাধাৰ সৃষ্টি হৈছে ।

বিশ্বজুৰি কৃষিৰ নাটকীয় পৰিৱৰ্তন হোৱাৰ লগে লগে অসম কৃষি বিশ্ববিদ্যালয়ে কৃষিৰ অত্যাধুনিক ক্ষেত্ৰসমূহত নিজৰ গৱেষণা বৃদ্ধিৰ বাবে লোৱা পদক্ষেপ প্ৰশংসনীয় ইয়াৰ দ্বাৰা নিখুঁত আৰু সময়োপযোগী সিদ্ধান্ত গ্ৰহণ সম্ভৱ হ’ব, যাৰ ফলত সমগ্ৰ ৰাজ্যৰ কৃষকসকল উপকৃত হ’ব।
অসম কৃষি বিশ্ববিদ্যালয়ে কৃষি বিজ্ঞানৰ সকলো শাখাৰ এক সংহত গাঁথনি বজাই ৰাখিছে বুলি উল্লেখ কৰি কেৱল অসমৰ নহয়,উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডসমূহৰ বাবে অধিক ফলপ্ৰসূভাৱে সেৱা আগবঢ়াব পাৰে।
বিশ্ববিদ্যালয়খনে পৰিৱেশ অনুকূল কৃষি পদ্ধতি, যেনে পানীৰ ব্যৱহাৰ হ্ৰাস কৰা, ৰাসায়নিক সামগ্ৰী কম কৰা, মাটিৰ স্বাস্থ্যৰ উন্নতি সাধন কৰাৰ দৰূবহনক্ষম পদ্ধতিসমূহে অসমৰ কৃষি পৰিৱেশক পৰৱৰ্তী পৰ্যায়লৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায়ক হ’ব।

কৃষক সমাজক শেহতীয়া কৃষি প্ৰযুক্তিৰ সুবিধাৰ প্ৰয়োজন, যাৰ বাবে কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ সকলো ক্ষেত্ৰতে অত্যাধুনিক প্ৰযুক্তিৰ বিকাশ আৰু প্ৰচাৰৰ প্ৰয়োজন, যিয়ে পাছলৈ কৃষি পৰিয়াল আৰু সামগ্ৰিকভাৱে ৰাজ্যখনৰ আয় বৃদ্ধিত সহায় কৰিব।
অসমৰ কৃষক সমাজক সৱল কৰি তুলিবলৈ কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ সকলো ক্ষেত্ৰতে অত্যাধুনিক প্ৰযুক্তি বিকশিত আৰু প্ৰচাৰ কৰি অসম কৃষি বিশ্ববিদ্যালয়ে এই প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।
অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯খন মহাবিদ্যালয় পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে পিএইচডি লাভ কৰা ৫৪৮ শিক্ষাৰ্থীক আনুষ্ঠানিক ভাৱে ডিগ্ৰী প্ৰদান কৰাৰ লগতে সোণৰ পদক আৰু অন্যান্য পুৰস্কাৰ সমুহো প্ৰদান কৰা সমাবৰ্তনত সন্মানীয় অতিথি হিচাপে অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে।ভাষণ প্ৰসংগত মন্ত্ৰী বৰাই কয় যে অসমৰ দৰে কৃষিভিত্তিক ৰাজ্য এখনৰ বাবে কৃষি শিক্ষা অতি গুৰুত্বপূৰ্ণ কাৰণ ই খাদ্য উৎপাদনৰ বাবে জ্ঞান আৰু দক্ষতা প্ৰদান কৰে।
সঁচা অৰ্থত শক্তিশালী জাতি হ’বলৈ এটা শক্তিশালী কৃষি ভিত্তি অতি প্ৰয়োজনীয়। আমাৰ কৃষি বিজ্ঞানী আৰু সম্প্ৰসাৰণ বিশেষজ্ঞৰ সম্পূৰ্ণ সমৰ্থন অবিহনে আমাৰ বাবে এয়া সম্ভৱ নহয়। আমাৰ ৰাজ্যৰ সমৃদ্ধি কৃষকৰ মংগল আৰু খেতিৰ উৎপাদনশীলতাৰ সৈতে গভীৰভাৱে জড়িত। কৃষক সবলীকৰণ আৰু এই ক্ষেত্ৰত অগ্ৰাধিকাৰৰ জৰিয়তে সকলোৰে বাবে খাদ্য আৰু পুষ্টিৰ সুৰক্ষা লাভ কৰাৰ লগতে দৰিদ্ৰতা আৰু ক্ষুধাৰ বিৰুদ্ধে যুঁজত সহায় কৰিব।
কৃষি খণ্ডত উৎপাদনশীলতা বৃদ্ধিৰ বাবে আমি একত্ৰিতভাৱে কাম কৰি জলসম্পদৰ উন্নত ব্যৱস্থাপনা, উন্নত মানদণ্ডৰ বীজ, বৈজ্ঞানিক কৃষি পদ্ধতি, সাৰৰ যুক্তিসংগত ব্যৱহাৰ, সংহত কীট-পতংগ ব্যৱস্থাপনা আৰু শস্যৰ বৈচিত্ৰ্যৰ ওপৰত গুৰুত্ব দিয়া উচিত।
যিহেতু এই সকলোবোৰ আন্তঃসম্পৰ্কীয়, গতিকে সমন্বিত পদ্ধতিৰ প্ৰয়োজন বাবে আমাৰ কৃষি বিজ্ঞানীসকলে বহনক্ষম কৃষিৰ ধাৰণাটোৰ দিশত কাম কৰাটো প্ৰয়োজন।সমাবৰ্তনত অৰণ্য মানৱ যাদৱ পায়েং(মুলাই)(Forest Man Yadav Payeng) আৰু পূৰ্ণিমা দেৱী বৰ্মণক(Purnima Devi Barman) অসম কৃষি বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।ইয়াৰ পূৰ্বে আজি পুৱাই ৰেল যোগে আহি যোৰহাটত উপস্থিত হোৱা ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্যগৰাকীক বিশ্ববিদ্যালয়ত আদৰণি জনোৱা হয়।

ইয়াৰ পাছত বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰালৰ সন্মুখৰ পৰা সমাবৰ্তনৰ শোভাযাত্ৰা কৰি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত সমাবৰ্তনৰ মুল কাৰ্যসূচী অনুষ্ঠিত হয়।