26 january । অসমত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন: পতাকা উত্তোলনত মন্ত্ৰীসকলৰ দায়িত্ব বণ্টন

২৪ জানুৱাৰী, ২০২৫ঃ 26 january । সমগ্ৰ ৰাজ্যত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন উপলক্ষে ব্যাপক প্ৰস্তুতি হাতত লোৱা হৈছে। প্ৰতিখন জিলাত আৰক্ষী আৰু জিলা প্ৰশাসনৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। মহানগৰী গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ’ব এইবাৰৰ গণৰাজ্য দিৱস। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উত্তোলন কৰি ২৩ টা প্লাটুনৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰিব।

ইফালে ৰাজ্যৰ বিভিন্ন জিলাতো মন্ত্ৰীসকলে দায়িত্ব বণ্টন অনুসৰি পতাকা উত্তোলন কৰিব। বিশদ তথ্য অনুসৰি, জিলাভিত্তিক পতাকা উত্তোলনৰ দায়িত্ব হ’ল তলত উল্লেখিত ধৰণে –

ডিব্ৰুগড়: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
কামৰূপ: চন্দ্ৰমোহন পাটোৱাৰী
ধেমাজি: ৰণোজ পেগু
নগাঁও: অশোক সিংঘল
গোৱালপাৰা: নোমল মমিন
গোলাঘাট: অজন্তা নেওগ
ওদালগুৰি: গোবিন্দ চন্দ্ৰ বসুমতাৰী
শোণিতপুৰ: পীযূষ হাজৰিকা
যোৰহাট: বিমল বৰা
নলবাৰী: জয়ন্ত মল্ল বৰুৱা
বৰপেটা: নন্দিতা গাৰ্লোছা
তিনিচুকীয়া: প্রশান্ত ফুকন
ইয়াৰ উপৰি, ৰাজ্যৰ আন কেইবাটাও জিলাতো মন্ত্ৰীসকলে পতাকা উত্তোলনৰ দায়িত্ব পালন কৰিব:

লখিমপুৰ: ৰূপেশ গোৱালা
কোকৰাঝাৰ: প্ৰমোদ বড়ো
ডিফু: তুলিৰাম ৰংহাং
হাফলং: দেৱলাল গাৰ্লোছা
দৰং: ৰঞ্জিত দাস
শিৱসাগৰ: অতুল বৰা
বঙাইগাঁও: কেশৱ মহন্ত
চিৰাং: উৰ্খাও গৌৰা ব্ৰহ্ম
প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়ভাৱে ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰিব। চহৰখন ইতিমধ্যে এই উদযাপন উপলক্ষে সজাই-পৰাই সুসজ্জিত কৰা হৈছে।

গণৰাজ্য দিৱসৰ মূল অনুষ্ঠানৰ লগতে ৰাজ্যজুৰি বিভিন্ন প্ৰান্তত সাংস্কৃতিক কাৰ্যসূচী, পেৰেডৰ চূড়ান্ত অনুশীলন, আৰু আন আন বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

এইবাৰৰ উদযাপনক সফল আৰু স্মৰণীয় কৰি তোলাৰ বাবে জিলা প্ৰশাসন, আৰক্ষী আৰু স্থানীয় জনগণ বিশেষভাৱে তৎপৰ হৈ পৰিছে।

Related Articles