Breaking

হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ২৭ তম বাৰ্ষিক অধিৱেশন আৰু মুকলি সভা

0 45

আজি দিনযোৰা কাৰ্যসূচীৰে লংকা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত লংকা হাইস্কুলৰ প্ৰেক্ষাগৃহতে হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ২৭ তম বাৰ্ষিক অধিবেশন আৰু মুকলি সভা অনুষ্ঠিত হয়। অনুষ্ঠানত সভাপতিত্ব কৰে হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ফাইজ মহাম্মদ বৰভূঞা ডাঙৰীয়াই আৰু অনুষ্ঠানৰ আঁত ধৰে জিলা সাধাৰণ সম্পাদক শ্ৰী প্ৰণৱ চৌধুৰী দেৱে।মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ  সভাপতি  শ্ৰীযুত প্ৰদীপ দত্ত দেৱ, সম্পাদক প্ৰধান শ্ৰীযুত  মৃণাল দাস দেৱ, উপ-সভাপতি জামাল আহমেদ ডাঙৰীয়া আৰু বহু কেইগৰাকী অতিথিবৃন্দ।সভাত কৰ্মচাৰী সকলৰ সমস্যা সম্পৰ্কে বিতংকৈ আলোকপাত কৰা হয় আৰু বহু কেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। কৰ্মচাৰী পৰিষদৰ ৰাজ্যিক সম্পাদক প্ৰধানে বিশেষকৈ কৰ্মচাৰী সকলৰ বিনামূলীয়া চিকিৎসা সেৱা,এন.পি.এচ. ৰ সলনি পুৰণি পেঞ্চন আচঁনি,টে’ট শিক্ষকৰ সমস্যা,মৰগীয়া বানচ আৰু বহু কেইটা মৌলিক সমস্যাৰ ওপৰত বিস্তৃত বক্তব্য আগবঢ়ায়।সন্ধিয়া ৬ বজাত হোজাই জিলা কৰ্মচাৰী পৰিষদৰ মাননীয় সভাপতি ফাইজ মহাম্মদ বৰভূঞা ডাঙৰীয়াৰ বহুমূলীয়া ভাষণ আৰু শলাগৰ শৰাইৰে সভাৰ সফল পৰিসমাপ্তি ঘটে।

Leave A Reply