Breaking

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভাতৃ সংগঠন কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

0 592

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভাতৃ সংগঠন কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস অসম-বাংলাদেশ ,অসম-পশ্চিমবঙ্গ তথা নামনি অসমৰ ধুবুৰী জিলাৰ হালাকুৰা নিধিৰাম ভকত মজলীয়া বিদ্যালয় প্ৰাংগণত যোৱা কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে।প্ৰাপ্ত বাতৰিমতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধুবুৰী জিলা শাখাৰ অতিথ্যত অনুষ্ঠিত হোৱা উক্ত কেন্দ্ৰীয় সেৱা বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনা ৰাতিপুৱা নাম প্ৰসংগ ,বৃক্ষৰোপন, বিভিন্ন তোৰণ উন্মোচন ,সেৱা বাহিনীৰ শিবিৰ ,চিকিৎসা শিবিৰ ,ৰক্তদান সভা আদি অনুষ্ঠিত হয়।ইয়াৰ পিছত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ বাপৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় সেৱক সেৱীকা সন্মিলন উদ্বোধন কৰে সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা বাপে।আৰু নিৰ্দিষ্ট বক্তা ,বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সেৱা বাহিনীৰ দীপক বশ্য বাপ,প্ৰদীপ হাজৰিকা বাপ আৰু শংকৰ শইকীয়া বাপে।নিশা শংকৰী সংস্কৃতি আৰু জনগোষ্ঠীয় সমাৰোহ উদ্বোধন কৰে জ্যোতি চিত্ৰৱনৰ অধ্যক্ষ তথা অসমৰ জনপ্ৰিয় শিল্পী বিদ্যাসাগৰ বাপে,গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম কাকতি বাপে।পিছদিনা ৮ অক্টোবৰত ৰাতিপুৱা পৰিৱেশ নিকাকৰণ ,সামূহিক নাম প্ৰসংগৰ পিছত ধৰ্মৰ ধ্বজা উত্তোলন কৰে পদাধিকাৰ কমলাকান্ত বাপে।পিছত ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়।

ৰাতিপুৱা ১১.০০বজাত সাম্প্ৰতিক সময়ৰ যুৱ সমাজ আৰু আমাৰ কৰণীয় শীৰ্ষক এক আলোচনা চক্ৰ পদাধিকাৰ কমলাকান্ত গগৈ বাপৰ সঞ্চালনাত অনুষ্ঠিত হোৱা উক্ত কাৰ্যসূচী উদ্বোধন কৰে প্ৰধান সম্পাদক বাবুল বৰা বাপে।উক্ত সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ডঃ দ্বিজেন্দ্ৰ নাথ ভকত বাপে।আলোচক হিচাপে অংশগ্ৰহণ কৰে ডঃ জগত কলিতা বাপ,ধুবুৰী ভোলা নাথ শৰ্মা বিদ্যালয়ৰ অধ্যাপক ডঃ উপেন্দ্ৰজিৎ শৰ্মা বাপ আদিয়ে।পৰৱৰ্তী পদাধিকাৰ কমলা কান্ত গগৈৰ সঞ্চালনাত অনুষ্ঠিত হোৱা ধর্মালোচনী সভাত সংঘৰ মুখ্য উপদেষ্টা ভবেন্দ্ৰ নাথ ডেকা বাপ,উপ পদাধিকাৰ বসুন্ধৰ ডেকা বাপ,কেন্দ্ৰীয় যুটীয়া সম্পাদক ডঃ দুৰ্লভ পাঠক বাপ,সংঘৰ বেংকৰ অধ্যক্ষ হৰেন্দ্ৰ বৰা বাপ,অতুল ডেকা বাপ,কেন্দ্ৰীয় শিশু আই মাতৃ কল্যান সমিতিৰ সভানেত্ৰী কিৰণ শইকীয়া আই ,মনিন্দ্ৰ মহন্ত বাপ,মাধৱদেৱ মহন্ত বাপ,প্ৰদেশ চন্দ্ৰ ৰাভা বাপ,অমল কৃষ্ণ দাস বাপ আদিয়ে ভাষণ দিয়ে সন্ধিয়া এক আকৰ্ষণী সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান অনুষ্ঠিত হয়।

বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ প্ৰতিবেদন

Leave A Reply