অসমৰ অন্যতম ভূমিপুত্ৰ ৰাভা জনগোষ্ঠীৰ নিখিল ৰাভা মহিলা পৰিষদৰ ২৯তম্ প্ৰতিষ্ঠা দিৱস উদযাপন।জাগুন সোণালী জনজাতি ৰাভা গাঁওৰ লক্ষ্মী মন্দিৰ খেল পথাৰত নিখিল ৰাভা মহিলা পৰিষদৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা সমিতিৰ সহযোগত দুদিনিয়া কাৰ্যসূচীৰে যোৱা কালিৰে পৰা ২৯ তম ৰাভা মহিলা পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন।

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰা এই অনুষ্ঠানটিৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মূল প্ৰবেশদ্বাৰ মুকলি , অতিথিশালা উদ্বোধন , প্ৰতিনিধি শিবিৰ মুকলি , প্ৰতিনিধি সভাৰ উদ্বোধন ,ভোজনালয় মুকলি ৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয় ।দ্বিতীয় দিনাৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত অন্যতম আছিল বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা।
এই শোভাযাত্ৰা উদ্বোধন কৰে মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই ।বিয়লীৰ ভাগত অনুষ্ঠিত হব লগা মুকলি সভাত ৰাভা জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ কেইবাজনো কেন্দ্ৰীয় বিষয়ববিয়া উপস্থিত থাকিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।
