Breaking

কাৰ্বিআংলং জিলাত ৩ টা কৈ দুৰ্ধষ চোৰাং চিকাৰী আটক ।

0 182

বোকাজান :

কাৰ্বিআংলং জিলা আৰক্ষীয়ে আজি সেনা বাহিনী আৰু চি আৰ পি এফৰ সহযোগত গঁড় চিকাৰীৰ বিৰুদ্ধে জিলা খনত বৃহৎ অভিযান চলাই ৩ টা কৈ দুৰ্ধষ চোৰাং চিকাৰী আটক কৰাৰ লগতে বুজন সংখ্যক সজীৱ  গুলীসহ  বহু অস্ত্ৰশস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যোৱা ২৮ মে তাৰিখে জিলা খনৰ ধনশিৰি ত আৰক্ষী আৰু গঁড় চিকাৰীৰ মাজত এক ভয়ানক সংঘৰ্ষৰ সূত্ৰপাত হৈছিল আৰু এই সংঘৰ্ষত এজন চোৰাং চিকাৰী নিহত হোৱাৰ বিপৰীতে আন কেইবাজনো দুৰ্ধৰ্ষ চিকাৰী পলাই গৈছিল। আৰক্ষীয়ে তেতিয়াৰ পৰাই জিলা খনত মণিপুৰৰ পৰা নিয়ন্ত্ৰিত চোৰাং চিকাৰীৰ দলটোৰ বিৰুদ্ধে জিলা খনত জাল পেলাইছিল আৰু আজি গোপন খবৰৰ ভিত্তিত বকলিয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত পাট্ৰাদিছাত আৰক্ষীয়ে অভিযান চলাই গঁড়ৰ খড়গ চুৰি চক্ৰৰ অন্যতম দূৰ্ধৰ্ষ সদস্য বিকি থাপাক আটক কৰে ৷ বিক্কি থাপাৰ ঘৰ নগাওঁ জিলাৰ জখলাবন্ধা থানা এলেকাত  বুলি জানিব পৰা গৈছে ৷ পিছত অপৰাধীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত ডিফু আৰু ধনশিৰিত যৌথ অভিযান চলাই আৰক্ষীয়ে মণিপুৰৰ লামকা চুড়চান্দপুৰৰ ডেভিড চিয়া ওৰফে চামবৈ আৰু নগাওঁ জিলাৰ চালনা নপানীৰ চিমন লাক্ৰা নামৰ দুটা গঁড় চিকাৰী আটক কৰিবলৈ সক্ষম হয় ৷  দূৰ্ধৰ্ষ গঁড় চিকাৰী কেইটাৰ স্বীকিৰোত্তিৰ ভিত্তিত আৰক্ষীয়ে আঞ্জুকপানী থানাৰ থেকেৰাজানত অভিযান চলাই এটা AK 81, দুটা AK56, এটা DBBL এটা chinease granede,  6 তা মেগাজীন ১২ জাই বৰৰ গুলী , ৪০০ জাই গুলী আৰু বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰে ৷ ধৃত অপৰাধী কেইটা কাজিৰঙাত অলপতে সংঘটিত হোৱা গঁড় হত্যাতো জড়িত আছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ৷

Leave A Reply