Breaking

ছত্তীশগড়ৰৰ বিজাপুৰৰ সংঘৰ্ষত পুনৰ নিহত ৩ মাওবাদী…

0 19

ছত্তীশগড়ত নিৰাপত্তা বাহিনীয়ে ১৩ জনকৈ মাওবাদীক হত্যা কৰাৰ পিছত এইবাৰ পুনৰ তিনিজন মাওবাদী ৰণত পৰিছে। শনিবাৰে ছত্তীশগড়ৰ বিজাপুৰ জিলাত যুটীয়া বাহিনীৰ সৈতে সংঘৰ্ষত তিনিজন মাওবাদী নিহত হয় বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই প্ৰকাশ কৰিছে। ৰাজ্যখনৰ নক্সাল বিৰোধী শক্তি গ্ৰেহাউণ্ডে তেলেংগানাৰ সীমান্তৰ ওচৰৰ পূজাৰী কাংকৰ বনাঞ্চলত তালাচী চলাই আছিল।

তেওঁলোকৰ লগত ছত্তীশগড় আৰক্ষী বাহিনীও আছিল। সেই সময়তে মাওবাদীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে। প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গুলীবৰ্ষণ কৰাত তিনিজন মাওবাদী নিহত হয়। ঘটনাস্থলীৰ পৰা হু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে । নিৰাপত্তা বাহিনীয়ে এতিয়াও অঞ্চলটোত তন্নতন্ন তালাচী চলাই আছে। বিজাপুৰ জিলাৰ বাস্তাৰ লোকসভা সমষ্টিত ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।

নিৰ্বাচনৰ সময়ত সন্ত্ৰাসৰ যিকোনো পৰিৱেশ প্ৰতিহত কৰিবলৈ নিৰাপত্তা বাহিনীয়ে মাওবাদীৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাই আছে। মঙলবাৰে যুটীয়া বাহিনীয়ে ছত্তীশগড়ৰ বিজাপুৰ জিলাৰ লেন্দ্ৰ গাঁৱত মাওবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। জিলা ৰিজাৰ্ভ গাৰ্ড, বিশেষ টাস্ক ফ’ৰ্চ, চিআৰপিএফ আৰু কোব্ৰা বেটেলিয়নৰ যুটীয়া অভিযানত তেৰজন মাওবাদী নিহত হৈছিল।শুকুৰবাৰে দান্তেৱাড়া আৰু বিজাপুৰ জিলাৰ সীমান্তৱৰ্তী অৰণ্যত যুটীয়া বাহিনীৰ সৈতে সংঘৰ্ষত এজন মাওবাদী নিহত হয়। দুজন মাওবাদীয়ে চুকমাত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। যুটীয়াভাৱে তেওঁলোকৰ মূৰৰ মূল্য আছিল ১৬ লাখ টকা।

Leave A Reply