চাপৰত অসম গণিত শিক্ষায়তনৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

চাপৰত অসম গণিত শিক্ষায়তনৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন।চাপৰ শাখায় উদযাপন কৰে এই দিৱস।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কৃৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন।

ধুবুৰী জিলাৰ চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি চাপৰ শাখায় পালন কৰে অসম গণিত শিক্ষায়তনৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৮৬ চনৰ ১৮ জুলাই তাৰিখে উক্ত সংগঠন টো প্ৰতিষ্ঠা হৈছিল কটনত। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বৃহত্তৰ চাপৰ, বইটামাৰী অঞ্চলৰ পৰা ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত আৰু উচ্চ গণিত ১০০ নম্বৰ লাভ কৰি উতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা,শৰাই আৰু মানপত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰে।কোনো এটা সত্য আৱিষ্কাৰ কৰা পদ্ধতিটো হ’ল গণিত। গণিত হ’ল প্ৰত্যেক মানুহৰ দৈনন্দিন জীৱনত প্ৰয়োজন। অইন বিষয়ত অধ্যয়ণৰ বাবে গণিত প্ৰয়োজন।

এই মন্তব্য আগবঢ়ায় ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত তথা চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অৰুণ কংশবনিকে। সভাত বিজ্ঞ অভিজ্ঞ ব্যক্তি সকলৰ লগতে কেবাজন অধ্যক্ষ, অধ্যাপক আৰু অসম গণিত শিক্ষায়তনৰ আজীৱন সদস্য সকল উপস্থিত থাকে।

Related Articles