Breaking

অসমত স্থাপন হ’ব ৩৪খন পলিটেকনিক আৰু ৪৩খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান…

0 2,034

বুধবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত স্বাক্ষৰিত হ’ল এক ঐতিহাসিক বুজাবুজিৰ চুক্তি ৷ টাটা টেকন’লজী আৰু অসম চৰকাৰৰ মাজত স্বাক্ষৰিত হয় এই চুক্তি ৷ ইয়াৰ জৰিয়তে অসমত স্থাপন হ’ব ৩৪খন পলিটেকনিক আৰু ৪৩খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ৷ এই কাৰ্যত ব্যয় হ’ব ২৩৯০ কোটি টকা। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰিত চুক্তিৰ সময়ত উপস্থিত থাকে দক্ষতা বিকাশ দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, টাটা টেকন’লজীৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৷

চুক্তিত স্বাক্ষৰৰ পিছত টাটা টেকন’লজীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাই  মুঠ ৭৭খন প্ৰতিষ্ঠানৰ এবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব বুলি উল্লেখ কৰে। তেওঁ এবছৰৰ ভিতৰত প্ৰস্তাৱিত ৭৭ খন পলিটেকনিক আৰু ITI স্থাপন কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে ৷ এই ৭৭ প্ৰতিষ্ঠান নিৰ্মাণ সম্পন্ন হ’লে প্ৰতিবছৰে ১৫ৰ পৰা ২০ হাজাৰ ছাত্ৰ–ছাত্ৰী উপকৃত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ৷ লগতে উত্তীৰ্ণ হোৱা ছাত্ৰ–ছাত্ৰীসকলে টাটাৰ কোম্পানীসমূহত নিযুক্তি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷

Leave A Reply